সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
অসমীয়া সাহিত্যৰ চানেকি।


ব্ৰতক শুনিয়ো পতিব্ৰতাৰ লক্ষণ,
তনয়ৰ শতগুণ স্নেহ আচৰণ॥
নৃপ শতগুণ ভয় কৰিবো পতিত,
গৌৰী তুল্য আৰাধন্ত পতিব্ৰতা স্থিত॥

পতিৰ কোপত দাসী বেশ্যা শৃঙ্গাৰত,
ভোজনে জননী প্ৰিয়া মন্ত্ৰী বিপদত॥
ভৰ্ত্তাৰ হাজ্জাক নলঙায় মন বাক,
কায়েৰেঁ‌ও কদাচিত নিয়মি দেহাক॥

পতি যদি ভোজন কৰিল মনযোগ,
তেবেসে ভোজন কবে গতি শেষ ভোগ॥
যেহি যেহি শৰ্য্যা যথা স্থানত বিহিত,
পতিয়ে শয়ণ কৰে মনৰ ৰুচিত॥

সেহি সেহি শয্যাগণ অৰ্চ্চিৰ যতন,
নিতে নিতে পতিব্ৰতা নাৰী নিয়মন॥
মই কত কবিবোহো হেন মৎসৰক,
নাযাই নকৰয় আৰ কাপন্য ভাৱক॥

মোৰেসে নাপিত ইতি অবজ্ঞা ভাৱক,
মোৰ কৰ্ম্মে বশ ভৈল হেনয় মানক॥
মোব সম পতি সেবা কেনে কৰিবেক,
উচ্চ মই হীন ইতো কৰ্ম্ম পৰতেক।

হেন অভিমান অবজ্ঞাক আদি কৰি,
নকৰয় পতিব্ৰতা নাৰী শুভচাৰী॥
সুবেশ পুৰুস যদি দেখিলেক শান্তি,
সুত পিতা ভ্ৰাতা ৰূপ দেখে গত ভ্ৰান্তি॥