তান দুইৰ পাদোদক পান কৰে সুত,
জন্ম কোটি শত পাপ হন্তে হৱে পূত॥
এহিও মানব ধন্য মনুষ্য লোকত,
সৰ্ব্ব কল্মষেৰে মুক্ত হৈয়াও তাৱত॥
বিনায়ক লোক পাৱে এক জন্ম দ্বাৰ,
পিতৃ মাতৃ পূজাৰত মনুষ্যতে সাৰ॥
যেহি ও পুৰুষাধম মাতা পিতৰক,
বাক্যেৰে উলঙ্ঘা কৰে মানিয়া গৰ্ব্বক॥
যাৱে ভূত বিপ্লব কালৰ নিৰূপন।
তাৱদে নৰকে পছে সিতো দুৰ্ব্বচন॥
মাতৃ পিতৃ অনৰ্চ্চিয়া যিতো সুতাধম।
ভোজন কৰয় কোনো দ্ৰব্য মনোৰম॥
সিতো পাপী কমি যুত নৰকে নিশ্চয়।
কম্লান্ত কালক ব্যাপি তথাতে পছয়॥
ৰোৰ্গী অতি বৃদ্ধ কিম্বা বৃত্তি বিৰহিত।
নেত্ৰ কৰ্ণ বিকল হেনয় দুঃখান্বিত॥
পিতৃ মাতৃ দুইক ছাৰি যাই কোন কাজ।
ৰৌৰবে পছয় সিতো সুত পাপ তাজ॥
তাত পৰে অন্ত্য জাতি ম্লেচ্ছ চণ্ডালত।
জনম লভয় পাপী পিতৃ ত্যাগৰত॥
স্ব মাতৃ পিতৃৰ পুত্ৰে নকৰি পোষন।
সৰ্ব্ব পূণ্য ক্ষয় কৰে নাহি সন্দেহন।
পিতৃক নাৰাধি যিতো তীৰ্থকো চলয়।
ফল নাপাৱয় ভ্ৰমে কিৰৈ আলয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
অসমীয়া সাহিত্যৰ চানেকি ৷