কোমল কথাৰে মাৰোৱাৰী ভাইয়ে
বুধি ছলনেৰে ছলিলে অসম,
কাব কোকালিৰ কথাটি হঁতিৰ
ভোদা ডাঙ্গৰীয়াই নেপালে গম
পাছে কেঞ ভাই মনটি ভুলাই
দীঘল খাতাটি হাতত তুলিলে।
বঢ়াই দুন মূল বুলি নাই ভূল
নাম লেখাবলৈ ওচৰ চাপিলে,
অসমীয়া ভোদা ডাঙ্গৰীয়া দেৱে
তাতে মান্তি হই দষ্টখত দিলে;
এবে মাৰোৱাৰী বৰ ৰঙ্গ কৰি
জনম যুগলৈ গোলাম কিনিলে।
কেৰাণীৰ দলে কাপ কাঠি ধৰা
মাহৰ প্ৰথম দিন আজি কি কৰিলে?
দৰমহা পালে। কেঞায়ো ধৰিলে
হাত শুদা কৰি ধন কাঢ়ি নিলে।
বাজিগল চাৰি কাকত সামৰি
কেৰাণী কৰিলে ঘৰলৈ গতি,
ঘৰ প্ৰবেশিলে শ্ৰীমতী বুলিলে
আজি বজাৰৰ নাই পাই এটি।
গল প্ৰাণ উৰি চিন্তাত মহৰী
বিবুধিত পৰি নেদেখি উপায়
কেঞাৰ তলৈ গৈ বোলে কাকুতিকৈ
আকৌ ধাৰে দিয়া আজি একো নাই,
শুনি কেঞদেও বোলে “ফেৰ কেউ
দিগ কৰনেকো আয়া হামাৰ ঠাই”?
এই কথা শুনি মহৰীয়ে শুনি
“বোলে বাবু ৰাখাঁ আজি প্ৰাণ যায়”৷
ইৰূপ সন্তান তোমাৰ দুৰ্ণাম
অসম জননী এই জগতত৷-
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৬
অসমীয়া সাহিত্যৰ চানেকি।