পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৯৬ অসমীয়া সাহিত্যৰ চানেকি।। অনাহকত বৃত্তিৰ বাবে বছৰি তিনি হাজাৰ মান খৰচ কৰা আৱশ্যক কি? তাত বাজেও আসামৰ পৰা যেয়ে প্ৰবেশিকাত উঠিব পাৰে সেয়ে ২০ কুৰি টকা বৃওি। পাব, এই নিয়মটি ভাল বুলি সলাগিব নোৱাৰি। পৰীক্ষাত বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিলে হে বৃত্তি দিব লাগে। ফল বিবেচনা নকৰি সকলোকে বৃত্তি দিলে বৃত্তিৰ উদ্দেশ্য সাধন নহয়, পঢ়াত মন আৰু যতন বঢ়াবলৈ লৰাৰ লক্ষ্য নাথাকে আৰু উচ্চশিক্ষাৰ দৰ কমি গই তালৈ ক্ৰমে অনাদৰ হয়। এতেকে অসমীয়া বিলাকৰ নিমিত্তে আসামতে কলেজ পাতি বৃত্তি উঠাই দিয়া, বা ফল চাই বৃত্তি দিয়াত গবৰ্ণমেণ্টৰ অনেক খৰচ কমিব, আৰু লৰাবোৰৰও যথাৰ্থ উপকাৰ হব। সমজুৱা শিক্ষাৰ বাবে আসাম গবৰ্ণমেণ্টৰ কিমান খৰচ হয়, আৰু তাৰ সদ্ব্যয়। নে অসদ্ব্যয় হব ধৰিছে, তাৰ ভু এই প্ৰবন্ধত লোৱা নাযায়। কিন্তু এই কমে বিচাৰি চালে শিক্ষা বিভাগৰ খৰচৰ পৰা বহুত ধন উলিয়াব পাৰি, যি ধন এতিয়া মিছাই খৰচ হৈ যাব লাগিছে। সেই ধনেৰে উচ্চশিক্ষা বঢ়াবলৈ পুৰুষাৰ্থ কৰিলে দেশৰ অনেক উন্নতি হয়। কিন্তু মূল কথা, শিক্ষা বিভাগৰ টকা গবৰ্ণমেন্টে কিহত কিহত খৰচ কৰিব খোজে সেইটো আমাক নালাগে। কিহৰ পৰা টকা কমাব। পাৰি তাৰও ভু লবলৈ বিশেষ আৱশ্যক নাই। আমাৰ মাথোন জানা আবশ্যক গবৰ্ণমেন্টে আসামত উচ্চশিক্ষা দিব খোজে নে নোখোজে। যদি নোখোজ, তেন্তে হাই স্কুল বোৰ উঠাই দিয়ক, তাত আমাৰ কাৰও ওজৰ আপত্তি নাই, আমি নিজে উচ্চশিক্ষাৰ বেচ দিব পাৰে। যদি লম, নোয়াৰে যদি নলওঁ। যদি খোজেহে, তেন্তে এই এঘেৰ খন জিলাৰ উচ্চশিক্ষাৰ নিমিত্তে পাতা ভগা ঘৰ কেইটা পুৰি পেলাই বা মাইনৰ শিক্ষাৰ নিমিত্তে গতাই দি, নকৈ নতুন প্ৰণালীত নতুন শিক্ষকেৰে হাইস্কুল পাতক, আৰু সেই নিমিত্তে যদি ১৯ উনৈশ হাজাৰ টকাৰ বদলি ৫০ আড়াই কুৰি হাজাৰ টকাও লাগে তাক য’ৰে তৰে পৰা আনি দিয়ক, তেহে আসামত উচ্চশিক্ষাৰ ভেটি উঠিব। নতুবা এই আধামৰা স্কুল কেইটাৰ হতুয়াই টকা কোবাই আৰু ইন্সপেক্টৰ পণ্ডিত জনাৰ ডিঙিত কলথৰুৱাৰে ঢোল আৰি দি, আসামৰ উচ্চশিক্ষাৰ হুচৰি গাই ফুৰাত আমি একো সকাম নেদেখো। আমাৰ গবৰ্ণমেন্ট বিদেশী। আমাৰ মানুহৰ ভাব অভিলাষ সহজে বিদেশী গবৰ্ণমেণ্টৰ বোধগম্য নহয়। আমাৰ অভাব আৰু ক’বলগীয়া কথা বুজাই দিব নোৱাৰাটোএই অনেক পৰিমাণে আমাৰ দুখৰ গুৰি। আমাৰ নিমিত্তে ঠিয় হই দুআখাৰ কথা কয়, আমাৰ মুখপাৎ স্বৰূপ হই ৰজাৰ আগলৈ যাবলৈ, আগ বাড়ে, এনেকুৱা কেঁওএই নাই। কেনেকেই বা হব? অসমীয়া শিক্ষিত মানুহৰ লেখ।