পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৪
অসমীয়া সাহিত্যৰ চানেকি।

মানহৰ মাঝত মুখ হোহালি, যি কৰিবাৰ ভালে কৰিলি,
আৰু ইয়াত থাকাৰ বন নাই।
ইতাও অলপ আবুৰ আছে, নাতিৰ মুখ দেখিয়হ পাছে,
শহুৰাৰ ঠেক কালি গুছি যানি আই॥
জিয়াকটু তাৰ পেৰে পলাল, পানী আনবা মাকটু অলাল,
গেল যমুনাক কলহ লই।
কুম্ভ কৰি পুৰ্ণ জলে, দোপ মাৰি কাষত তুলে,
ঢৌ ঢৌ কৰি পৰিবা ধৰিলক বই॥
কোনোৰূপে ৰাখিবা নৰে, উৰাৎ খান বই পৰে
ভিজি গেল পিন্দা কাপোৰ খান।
তিন বাৰ মান এনাই কৰি, তেও পানী নিবা নৰি,
অঝাক গালি পাৰি ফিৰি যান॥
কৰপেৰে আহিছি সান্দি হওৱা, মৰঙোৎ আকে জাকি যাউৱা,
তিৰী বাড়ী হওৱা কেচা অঝা।
মিছাই কৰি ভুৰকুটি, বহিছি এখান দোকান পাতি,
ফুটা কলই কোৰ কেচে কুমটীৰ বোঝা॥
ছলিক গোটাই কৰিব ভাল, জানিছু সিটু মিছা গাল,
ইয়ো কি কোনবা কৰিবা পাৰে হৈনা!
সি আনিবা বোলে ঢেকিৰ তেজ, আনিবা বেল ব্ৰহ্মাৰ লেজ,
ভাবি চাওৱাছো ফাকি ফুকি নুইনা॥
আৰু মোৰ ইটুও আগে ভাবিবা লাগিছিল, নন্দৰ পুতাক মৰিছিল মৰিছিল,
তাতেতো মোৰ বেয়া হওৱা নাই।
হাউচ কৰি দিলো বেটাক বিয়া, সেই কল্যাক পলেৰিযা
আক দিনে ঘৰত নাথাকে তাই॥
ইতা মৰিছি সি হৈছে ভাল, গুছি গেছি জুই জঞ্জাল
বেটা বৰিক লই কৰিম ঘৰ।
কিয় আহিছু পানী নিবা, মোৰ এশায় পাৱে হবা,
এই বুলি ফিৰি গেল ঘৰ॥