পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি ৷

নাহি ৰাগ দ্বেষ শুদ্ধচিত্ত সত্যবাদী।
নিতান্তে পূজয় দেৱদ্বিজ ভক্ত আদি॥
পৰম কৃতজ্ঞ দেশ কালক জানয়।
মহা তত্ত্বগামী ধৰ্ম্ম কাৰ্য্যে প্ৰবৰ্ত্তয়॥

হেনয় লক্ষণযুক্ত ভৈলা সেনাপতি।
বিপ্ৰৰ চৰিত্ৰ কহোঁ শুনিয়ো সম্প্ৰতি॥
সাৰ্ব্বভৌম নামে ভৈলা ৰাজ পুৰোহিত।
চাৰিবেদ চৈধ্য শাস্ত্ৰ সবাতে পণ্ডিত॥

শ্ৰুতি স্মৃতি বেদ বেদাঙ্গৰ তত্ত্ব জানে।
জানয় বিশেষ চতুঃষষ্টি কলা মানে॥
বাৰ কন্ধ ভাগৱত পুৰাণ যতেক।
সপ্তকাণ্ড ৰামায়ণ ভাৰস্ত প্ৰত্যেক॥

অঠৰয় তন্ত্ৰ কাব্যগণ যতযত।
গীত বাদ্য আদি কৰি সবাতে পাৰ্গত॥
বাঁহ কাঠ আদি কৰি আনো যত কাম।
সবাকে জানয় এতে সাৰ্ব্বভৌম নাম॥

ধ্যান মন্ত্ৰে তুষিলেক পাৰ্ব্বতী গোঁসানী।
যেহি বোলে সেহি হোৱে বাক্য নহে হানি॥
পৰম গহন ধৰ্ম্ম শাস্ত্ৰত পাৰ্গত।
নৃপতিক ধৰ্ম্ম শিক্ষা দেন্ত নানামত॥

আতপৰে দৈবজ্ঞৰ শুনা যেন নয়।
শ্ৰীধৰ যাহাৰ নাম প্ৰকাশ কৰয়॥
গ্ৰহ নক্ষত্ৰৰ গতি ৰাশি হোৰা গ্ৰন্থ।
ভূত ভবিষ্যত বৰ্ত্তমানক জানন্ত॥