ভালবেসে ভাল হয় হীন বংশে হীন।
ধনী বংশে ধনী হয় দুঃখী বংশে দীন॥
চোৰ বংশে চোৰ হয় সন্ত বংশে সন্ত।
শ্ৰেষ্ঠ বংশে মন্ত্ৰী সব শাস্ত্ৰত কহন্ত॥১৬০॥
অসন্ত বস্তুৰ কৈতে নাহিকে প্ৰকাশ।
সন্ত বস্তু হৈলে কদাচিতো নাই নাশ॥
এহি মনে গুণি সাৰ কৰিয়া মনত।
দূতক সম্বুদ্ধি বাক্য বোলে সমাজত॥
শ্ৰেষ্ঠ বংশে জন্ম যিতো মেচ বাৰ ঘৰ।
মোহোৰ আদেশে তাঙ্ক আনিও সত্বৰ॥
এহি বুলি শীঘ্ৰে দূত পাঞ্চিয় দিলন্ত।
বাৰয় ঘৰৰ বাৰ গোটা অনাইলন্ত॥
পানবৰ বৰিহনা ফেদফেদো ৰাই।
ভেদেলা যে গুৱাবৰ বৈহাগু জগাই॥
নামত কাঠিয়া মেঘা গড়কাটা বীৰ।
ডোখোৰা যে যুদ্ধাবৰ বুদ্ধিমন্ত ধীৰ॥
এহি বাৰ জন আনি শুভক্ষণ চাই।
সবাকে পাতিলা কাৰ্জ্জি আজ্ঞাক শুনাই॥
বৰিহনা বৈহাগু দুতয় বুদ্ধিমন্ত।
মন্ত্ৰী কাৰ্যে তাৰা দুইকো আদেশ দিলন্ত॥
বৰিহনা চৰিত্ৰ শুনিয়ো যেন হয়।
বুদ্ধিৰ সাগৰ কাল দেশক জানয়॥
সন্ধি বিগ্ৰহক জানে শাস্ত্ৰত পণ্ডিত।
সাৰথিৰ কৰ্ম্ম বুজে ৰাজাৰ ইঙ্গিত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪
অসমীয়া সাহিত্যৰ চানেকি ৷