পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি।

তাৰ সম কোন আছে ভকত বৎসল।
একছত্ৰে পালিলন্ত ধৰণী মণ্ডল॥
আগে নানা পৰাক্ৰম কৰিলা যতেক।
সংক্ষেপ পৱাৰে তাক কহিবো কতেক॥

একদিন সতা মধ্যে কৰি আলোচন।
মন্ত্ৰীক সম্বুদ্ধি ৰাজা বুলিলা বচন॥
মাঙ্গল্য ৰজত দ্ৰব্য আনা শীঘ্ৰ কৰি।
যুবৰাজ শিশুক পাতিবোঁ আজি ধৰি॥

নৃপতিৰ শুনি হেন প্ৰচণ্ড বচন।
আনিলা সকলে দ্ৰব্য যত ভৃত্যগণ॥
সমস্ত তীৰ্থৰ জল কৰি এক ঠাই।
ব্ৰাহ্মণ দৈবজ্ঞগণ অনাইলা মতাই॥১

বিজয় মুহুৰ্ত্ত ক্ষণ তেসম্বে কহিলা।
সেই বেলা যুবৰাজ বিশুক পাতিলা॥
শঙ্খ ঘণ্টা ঢাক ঢোল শিঙ্গা কালি ভেৰী।
জয়কালি ৰামবেনা বজাৱে মহৰি॥

খোল কৰতাল বাৱে নাগাৰা মৃদঙ্গ।
দোতোৰা সাৰিণ্ডা বাঁশী ৰবাব উপাঙ্গ॥
ৰামতাল ৰামবীণা বাজে বৰকাঙ্খ।
সপ্তম্বৰা কলন্দাৰ বজাৱে অসংখ্য॥

আনো অসংখ্যাত বাদ্য অনেক বাজয়।
সংক্ষেপে কহিলোঁ পদ বাহুল্যক ভয়॥
সেহি সময়ত সৈন্য আছিল যতেক।
তাৰ সংখ্যা কৰি কোনে কহিব প্ৰত্যেক॥