পাঠোপকাৰক নামেৰে পুথি পঢ়ি তাতে ইংৰাজী বৰ্ণ বিণ্যাস আৰু ভাষা দুইকো শিকিব পাৰিব বুলি এখান পুথি দিলে,আৰু মোৰ পঢ়াত সাহায্য কৰিবলৈ গাতললে। এই উপকাৰৰ বাবে মই অন্তকাললৈকে তেওৰ ধৰুৱা হৈ থাকিম। পাচে তেওঁৰ আৰু অন্যান্য বন্ধুবিলাকৰ সাহায্যেৰে কিছুকাল ইৰাজী শিক্ষা কৰি ইস্কুল মাষ্টাৰে শ্ৰীযুত পৰমানন্দ ভঁড়ালীৰ সাহায্য বিচাৰিলো। আৰু মই তেওঁৰ শলাগলৈ কওঁ যে তেওঁ মোক সকলো সময়তে উৎসাহেৰে সাহায্য কৰিছিল। শ্ৰীযুত প্ৰিয়লাল বৰুৱাৰ পৰাও কিছু উপকাৰ পাইছিলো। কিন্তু তেওঁ নিজ কায্য উপলক্ষ্যে ফুৰি থাকিবলৈ বাধ্য হোৱাত তেওৰ সাহায্যৰ পৰিমান অধিক নাছিল।
পৰিশেষত আমেৰিকাৰ মিশ্যনেৰি বিলাকৰ ওচৰ চাপিলো। আৰু তেও লোকেও মোক দু্যো বাহুৱে সাবটি ধৰি শিক্ষাৰ বিষযত বহুত সহায়তা কৰিলে। বিদ্যা শিকাত মোৰ সদায় বৰ উৎসাহ আছিল। আৰু সেই কায্যত মই ৰব পৰিশ্ৰম কৰিছিলো। কিন্তু যেতিয়া চাৰি সংখ্যক ইংৰাজী পাঠোপকাৰকত (A sleeping fox catches no Poultry) “শুই থকা শিয়ালে হাহ কুকুৰা ধৰিব নোৱাৰে এই উপদেশ পূৰ্ণ পটণ্টৰটি পালোঁ তেতিয়াৰ পৰা মোৰ উৎসাহ তিনি গুণমান বাঢ়িল, এখন্তেকো নিৰৰ্থক গলে মনত বৰ দুখ পাবলৈ ধৰিলো। আমাৰ ডেকাবিলকে যেন এই উত্তম বাক্যটি মনত ৰাখে। আৰু তাৰ ভাবৰ দৰে কায্য কৰে, এয়ে মোৰ বাঞ্চা, আৰু সেই বাঞ্ছাৰ পৰা পৰিচালিত হৈহে মই এই ঠাইত তাৰ উল্লেখ কৰিছো।
এই সমযৰ ভালেমান দিন আগৰে পৰা মই মিশ্যনেৰিবিলাকৰ মাহেকীয়া কাকত অৰুণোদয়ত লেখিছিলোঁ; কিন্তু যেতিয়া মিশনেৰি বিলাকৰ গুৰিলৈ নিতে যাবলৈ ধৰিলো, তেতিয়াৰ পৰা অৰুণোদয়েৰে সৈতে মোৰ সম্বন্ধ আক দৃঢ় হল। তাতে মই তাৰ বৰ্ণবিণ্যাস সংশোধনৰ নিমিত্তে যত্ন কৰিবলৈ ধৰিলোঁ। মোৰ এই চেষ্টাত নিধিবাম ফেয়াৰোৱেল নামেৰে এটা দেশী গ্ৰীষ্টীযানৰ পৰা বৰ বাধা পাইছিলো। সি তাৰ গুৰু ব্ৰাউন চাহাবৰ বৰ্ণবিন্যাসৰ প্ৰণালীৰ পৰা এক আঙ্গুলো লৰচৰ হোৱাক মহা পাপ যেন ভাবিছিল। পৰিশেষত মোৰ যত্ন সফল হল হয়, তথাপি ৱ আখৰটোৰ ব্যৱহাৰ চলোৱা অসম্ভব যেন বোধহল। তাৰ কথাত নিধিয়ে জন {SIC|চাৰেক|চেৰেক}} প্ৰাচনি ডাঙ্গৰীয়াৰো মত লৈছিল। সেই বিষয়ত ঘাই আপত্তি আছিল এইটো যে, সেই আখৰ আমেৰিকাৰ পৰা ঢলাই আনিব লাগিব; কিন্তু মিশ্যন সভাই অধিক ব্যয় কৰিবলৈ মান্তি নহয়। মই গুৱাহাটিলৈ অহাৰ