জাত্ৰিকৰ জাত্ৰা। সংসাৰ গিয়ানি। মই জদি তোমাক কিচু বুধি দিওঁ, তাক তুমি লবা নে? খি ষ্টিয়ান। জদি ভাল হই, লম; কিয়নো ভাল বুধিত মোৰ প্ৰয়োজন আছে। সংসাৰ গিয়ানি। তেনেহলে মই এই বুধি দিচেঁা, তোমাৰ ভাৰ অতি বেগেৰে গুচাবলৈ উপাই কৰা; তাক নকৰা মানে তোমাৰ মন কেতিয়াও থিৰ নহব, আৰু ইস্বৰে তোমাক অনুগ্ৰহ কৰি জি জি বস্তু ভোগ কৰিবলৈ দিচে, সেই সকলোকে তুমি সুখেৰে ভোগ কৰিব নোআৰিবা। | খি ষ্টিয়ান। এবা, এই ভাৰ গুচু উপাইহে মই বিচাৰিৰ্চো , কিন্তু মই আপুনি গুচাব নোআৰোঁ, আৰু আমাৰ দেসৰ ভিতৰত মোৰ কানৰ পৰা তাক গুচাবু পাৰ কোনো মানুহ নাই; এই কাৰনে তাৰ পৰা মুক্ত হৰৰ নিমিতে মই তোমত পুৰ্বে কোআৰ দৰে এই বাটে দি আহিৰ্চো। | সংসাৰ গিয়ানি। তোমাৰ ভাৰৰ পৰা মুকুত হবলৈ কোনে তোমাক এই বাটে জাব দিচে? | খি ষ্টিয়ান। জি জনক অতি উতম ভদ্ৰ লোক জেন দেখো, নৈ জনাই জাব | দিলে, তেওঁৰ নাম উপদেস, মোৰ মনত পৰিটে।। | সংসাৰ গিয়ানি। তাস, এনে আলচ দিয়াৰ কাৰনে সি সাপোকা হক। সি জি বাটে জাবলৈ দিচে, তাতকৈ সঙ্কট বিঘিনি হোতা বাট প্ৰিথিবিত আৰু নাই; তাৰ আলচেৰে জদি চলা, মোৰ কথা স্বৰুপ বুলি জানিবা। এতিয়াও তাৰ কিছু প্ৰামান পাইচা, মই বুজিচো, তোমাৰ গাত নিৰ্ভাৰসা দলদলনিৰ বোকা দেখিচেঁা; কিন্তু সেই বাটে জো মানুহৰ দুখবোৰৰ মাজত, সেই দলদনি আৰম্ভন মাথোন। মোৰ কথা সুনা, মই তোমতকৈ বয়সিয়া; জি বাটে তুমি গৈচা, তাতে ভাগৰ, আৰু প্ৰম, ভোক, পিয়াহ, সঙ্কট, নাঙ্গটা হোত তৰোজাল, সিহ আৰু নাগবোৰ, এন্ধাৰ, মনকো, আৰু ইয়াত বাজেও কি কি দুখ পাৰা, তাক কব নোআবি। এই সকলো কথা নিচেই স্বৰুপ, তানেক সাখি থিৰ কৰিচে। আৰু কি কবিনে চিনাকি মানুহৰ কথা শুনি বিবেচনা নকৰাকৈ এই দৰে আপোনাক নষ্ট কৰা? | খ্ৰিষ্টিয়ান। কিয়? তুমি জি জি দুখ দেখালা, সেই আটাইতকৈও মোৰ পিঠিত এই জি বোজা, সি বৰ ভয়ঙ্কৰ; সেই বেজাৰ পৰাহে মই মুকুত হব পাৰিলে, বাটত জি দুখ নহওক, তালৈ মোৰ একো চিন্তা নহই জেন বুজে। সংসাৰ গিয়ানি। আগেয়ে কেনেকৈ এই ভাৰ পালা? খি ষ্টিয়ান। মোৰ হাতত এই জি পুথি, তাক পৰ্হিহে পালোঁ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০৯
অৱয়ব