কম্বুসম কণ্ঠ নানা ৰঙ্গে বিৰাজিত।
ত্ৰিবলি বলিত কন্ঠি সব বিলাসিত॥
পূৰ্ণচন্দ্ৰ জিনিয়া শোভন্ত তাতে মুখ।
যাক দেখি ভকতৰ মিলৈ মনে সুখ॥
ডাৰিমৰ বীজ নিন্দৈ দশনৰ পান্তি।
ঈষৎ হাস্যত তাতে কৰি আছে কান্তি॥
ৰাতুল অধৰ শোভে পক্কবিম্ব সম।
নাসা তিল পুষ্পতো অধিক নিৰুপম॥
মৃগীৰ চক্ষুক নিন্দৈ নয়ন ত্ৰিতয়।
ভ্ৰূব যুগ অনঙ্গৰ ধনুক জিনয়॥
কপালত অৰ্দ্ধচন্দ্ৰে আছন্ত প্ৰকাশি।
সীমন্তত শোভে কাম সিন্দুৰৰ ৰাশি॥
এহিৰূপে মোহোৰ আগত ভগৱতী।
ব্যক্ত হোৱা কৰো হেৰা সহস্ৰ প্ৰণতি॥
যদি বোলা মোক চিন্তিবাৰ কোন স্থান।
ইহাৰ উত্তৰ মাৱ কহো সাৱধান॥
অমৃত সাগৰ মাঝে আছে দিব্য পুৰ।
যাক ৰাতি দিনে চিন্তে যত সুৰাসুৰ॥
তাহাৰ চৌপাশে কল্পবৃক্ষ আছে যত।
ফল পুষ্প পত্ৰ তাৰ দেখি নানা মত॥
সেহি বাঢ়ি মাঝে ৰত্নময় আছে দ্বীপ।
যাত শাৰী শাৰী শোভৈ উপবন নিপ॥
তাৰ মধ্যে মঠ এক দেখি জ্যোতিৰ্ম্ময়।
নানা ৰতে বিৰচিত মুক্ত স্বৰ্ণময়॥
সেহি মঠ মাজত ঈশ্বৰ সদাশিৱ।
আপুনি আসন হৈল জগতৰ জীৱ॥
তাহাতে বসিয়া নিতে থাকে ক্ৰীড়া কৰি।
নিজানন্দ ৰূপে তুমি জগত ঈশ্বৰী॥
এহি স্থানে তোমাক আৰাধৈ যোগীগণে।
ইন্দ্ৰিয়গণক দমি পৰম যতনে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৭৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯৮
অসমীয়া সাহিত্যৰ চানেকি।