মহন্ত সবৰ তপ গুণ বিদ্যা চয়।
মোক্ষকো সাধিব ইতো জানিবা নিশ্চয়॥
দুৰ্জ্জন জনৰ হৱৈ ক্ৰোধৰ কাৰণ।
তাত হন্তে মহা দুখ হৱে উতপন॥
শুনিয়োক ব্ৰহ্ম ঋষি মোহৰ বচন।
অম্বৰীষ থানে তুমি কৰিয়ো গমন॥
তাঙ্ক তুতি কৰিবাহা ঋষি মহাশয়।
তেবেসে তোমাৰ ইটো শৰীৰ ৰহয়॥
তেহো মহাভাগৱত কৰিবো ৰক্ষণ।
তযু দুখ দেখি তান হৈবে দুখ মন॥
এহি কথা কহি ভগৱন্ত মৌন ভৈলা।
অম্বৰীষ থানে ঋষি শীঘ্ৰে চলি গৈলা॥
তাঙ্ক তাপ দিয়া যান্ত চক্ৰ মহাশয়।।
ভকৰ ভকৰ কৰি শৰীৰে লাগয়॥
বনাগ্নিয়ে দহয় সৰল বৃক্ষ চয়।
চিনিতে নপাৰি ঋষি ভৈলা সেহিনয়॥
হৰিক চিন্তিয়া মহাৰাজা আছে বসি।
কতো দূৰ হন্তে ঋষি দেখিলা হৰিষি॥
ৰাজাৰ চৰণে ঋষি পৰিলন্ত গৈয়া।
চক্ৰৰ তাপত হস্তে মহা দুখ পায়া॥
ৰাখিয়োক মোক আবে অম্বৰীষ বাপ।
চক্ৰক বোলন্ত তেহো এড়িয়োক তাপ॥
তোমাক মাৰিবে মই কৃতাক স্ৰজিলোঁ।
অহঙ্কাৰ কৰি মই যতেক বুলিলোঁ॥
তাৰ প্ৰতিফল মোৰ সকলে মিলিল।
আনো নানা বিধ বাণী কাকুতি কৰিল॥
ঋষিৰ সুহৃদ ভাব দেখি মহাশয়।
পৰম ধাৰ্ম্মিক জানা নাভাগা তনয়॥
চৰণৰ পৰা হাত গুচাইলা ঋষিৰ।
সাবটিয়া তুলি ধৰিলন্ত মহাধীৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৭২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯১
ভাগৱত—নৱম স্কন্ধ।