পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৪৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৬৬
অসমীয়া সাহিত্যৰ চানেকি।

কেদাৰ কমল আদি মূৰ্ত্তি প্ৰকাশয়।
মণিকুট শিখৰতে মাধৱ আছয়॥
সতানন্দ দ্বিজে তৈতে নৌকা ৰাখিলন্ত।
মাধৱক সেবি কতো দিন বঞ্চিলন্ত॥
বৰভাগ গ্ৰামে এক দ্বিজ আছিল।
তাহান দুহিতা সৰ্ব্বেশ্বৰক দিলন্ত॥
সৰ্ব্বেশ্বৰে বিধিৱতে বিবাহ কৰিলা।
দেখি দ্বিজ সতানন্দে আনন্দ লভিলা॥
ৰত্নাপ্ৰিতি পূৰ্ব্বথানে গৃহ সাজাইলন্ত।
পুত্ৰ ভাৰ্য্যা সমে দ্বিজ তৈতে থাকিলন্ত॥
মাধৱৰ সেৱা তথাছয় যত জন।
সবেয়ো বিপ্ৰক হেন বুলিলা বচন॥
ভাগৱত পাঠ কৰা মাধৱৰ থানে।
পৰিপোষ সমস্তে কৰিবো লাগে মানে॥
শুনি সতানন্দ দ্বিজ আনন্দে মনত।
মণিকুটে ভাগৱত পঢ়ি নিত্যে গান্ত॥
ভাগৱতী ভাগ পান্ত থানে মাধৱৰ।
ভাগৱতী ভৈলা সৰ্ব্বেশ্বৰ ৰত্নাকৰ॥
দুই উক্ত দুই ভাই পঢ়ে ভাগৱত।
সুন্দৰ সুন্দৰ ধ্বনি ব্যাখ্যা নানা মত॥
শুনি লোকে মনত আনন্দ বৰ পাই।
প্ৰসংশা কৰন্তে ৰঙ্গে দুইক দুই চাই॥
সতানন্দ দামোদৰ থাকন্তে ভ্ৰমন্তে।
শুন যেন কথা আৰু ভৈলেক তথাতে॥
এক দিনা পূজাৰ সময় দামোদৰ।
গহবৰত পশিলেক গৈয়া মাধৱৰ॥
সেই দিনা অদভুত সমস্তে দেখয়।
মাধৱৰ অৰ্চ্চা দামোদৰত মিলয়॥
পূজাৰি ব্ৰাহ্মণে যত পুষ্প মালা দিলা।
মাধৱক চুই দামোদৰতে চৰিলা॥