অভিনৱ যৌবনে ৰুচিৰ কলেবৰ।
পৰম ৰসিক শান্ত নাৰী মনোহৰ॥
গুণৱন্ত কামিনীৰ বশ্য সুচৰিত্ৰ।
পৰম পণ্ডিত প্ৰভু সজ্জনৰ মিত্ৰ॥
হেনয় ৰামক স্বামী পায়া ভগৱতী।
চিৰকাল বহু ভোগ ভুঞ্জিলন্ত সতী॥
অনন্তৰে পিতৃবাক্য ৰক্ষাৰ কাৰণে।
লক্ষণ সীতায়ে সমে ৰাম গৈলা বনে॥
কতকাল বনত ভ্ৰমিয়া ৰঘুপতি।
সাগৰৰ নিকটত কৰিলা বসতি॥
একদিনা তহিতে ৰাঘৱ ভগৱন্ত।
বিপ্ৰৰূপ অগ্নি দেৱতাক দেখিলন্ত॥
ৰামক দুঃখিত দেখি দেৱ হুতাশন।
শোকাকুল হৈয়া কিছো বুলিলা বচন॥
অগ্নি বোলে শুনা ৰাম বচন আমাৰ।
সীতা হৰণৰ কাল মিলিল তোমাৰ॥
অতি বলৱন্ত কাল জানা ৰঘুপতি।
আক নিবাৰিতে পাৰে কাহাৰ শকতি॥
হেন জানি জানকীক মোত সমৰ্পিয়ো।
ছায়া সীতা স্ৰজি তাঙ্ক সমীপে ৰাখিয়ো॥
অগ্নিত পৰীক্ষা হৈ যৈখানি সীতাৰ।
তৈখানি সীতাক মই দিবোহোঁ তোমাৰ॥
দেবগণে কৰি আছে মোক নিয়োজন।
নোহো বিপ্ৰ স্বৰূপত মই হুতাশন॥
এহি বাক্য অগ্নিৰ শুনিয়া ৰঘুপতি।
নিশ্চয় কৰিলা মনে হুয়া দৃঢ়মতি॥
অৰ্পিলা সীতাক ৰামে অগ্নিৰ হস্তত।
বিশ্বাস ৰাখিয়া নকহিলা লক্ষণত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৪১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬০
অসমীয়া সাহিত্যৰ চানেকি।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fe/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p3.djvu/page341-823px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p3.djvu.jpg)