পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩১
কথা ৰামায়ণ।

বাৰ্ত্তা কহ। ভৰদ্বাজ আশ্ৰম কথা হৰে কহ। গুহৰাজে বোলন্ত, যেবে অনুমতি পাবো তেবে ৰামত ভেণ্টাবো, কিন্তু তোমাৰ চিত্ত নাহি বুজো। ভৰতে বোলন্ত, কেনে অধৰ্ম্ম বোলা, ৰামৰ চৰণত পৰি কাকুতি কৰি বুলিল, অযোধ্যাক আনি, ৰামৰ প্ৰতিনিধি হুয়া বনে বঞ্চিবো। অন্যথা যেবে কহো তেবে ব্ৰহ্মবধ পাবো। গুহৰাজে ভৰতক প্ৰসংশি, সবে সৈন্যক ভক্ষ ভোজ্য দিলা। প্ৰভাতে গুহৰাজে ভৰতক ৰামৰ বঞ্চিবাৰ ইশুদি বৃক্ষ তলত তৃন শয্যা দেখাইলা। তথা যথাবৃত কহিলা। তৃণ শয্যা দেখি ৰামৰ দুখ স্মৰি, ভৰত শত্ৰুঘ্ননে, হিয়ে মুষ্টি হানি, তথা বাগৰি কান্দিলা। মহাদৈই গণো কান্দিলা। কৌশল্যা ভৰতৰ গৃবে ধৰি বিহুলে, কি মন্দ বাত শুনিলি শীঘ্ৰে কহ। ভৰতে ৰামৰ তৃণ শয্যা দেখাই মাৱক, বহুত কান্দিলা। গুহে নাৱে তুলি দুই ভাইক পাৰ কৰিল। পঞ্চ শত নাৱে নিসাদগণে প্ৰজা পাৰ কৰিল। একো নাৱত ত্ৰিশ চল্লিশ হস্তী ধৰে। কতো নৌকাত কুৰি শত লোক পাৰ হোৱে। তদনন্তৰে, গুহৰাজাৰ উপদেশে ভৰতে সসৈন্যে বনে পশিলা। কতো দূৰ দুৰ্গম তৰি প্ৰয়াগ পাই, মাতৃগণ সনে ভৰতে শিৱক পূজি ৰাম লক্ষণ সিতাৰ কুশল পাৰ্থিলা। পাছে ভৰদ্বাজৰ আশ্ৰম পাইলা। সবহি ঋষি ভৰদ্বাজক নমিলা। ঋষি হাস্য কৰি বোলন্ত, সসৈন্য ৰামক মাৰি, অকণ্টকা ৰাজ্য কৰিতে চাৱ। ভৰতে বোলন্ত, হাহা বিধিৰ এমত বিৰম্বনা, তোমাৰো মুখে হেন বাক্য বজাইল। যদি ৰামক প্ৰতি মোহোৰ অহিত হোৱে, তেবে ব্ৰহ্ম বধে পাৱে। মাৱৰ দোষে হেন কুখ্যাতি লভিলোঁ। এবে ৰামক আনিতে সসৈন্যে যাইবো। ঋষি বোলন্ত, তোমাৰ যেন সুচৰিত তাক জানি, তথাপি পৰিহাস বুলি যশ বিস্তাৰিলোঁ। হে বাপ আজি সসৈন্যে এথা ৰহ। ভৰতে বোলন্ত, এবমস্তু, নিৰ্ম্মল ৰামকথা শুনি এথা ৰহবো। পাছে ভৰদ্বাজে বিশ্বকৰ্ম্মাক আদেশি, যাক যি যোগ্য সেৰূপ গৃহ সজাইল। বিষ্ণু ভক্তৰ মহিমা কি কহিব, হাটি, বাতি, হাত, বাট, ধবলিবৰ, ৰাজওঁৱাৰি, শাৰী শাৰী হস্তী ঘোৰা শালা, তোৰণ চিৰল ধ্বজ পণকা অলঙ্কৃত। দীঘিকা ব্যাপি উদ্যানে শোভিত। মধুমত্ত মধুকৰ কোকিলাদিৰ নাদে নাদিত। সৰ্ব্বত্ৰ ব্যেভুষিত মহাঋষি ভৰদ্বাজৰ আদেশে। ইন্দ্ৰে অপ্সৰাগণ পাঞ্চিলা, ভৰতৰ আগে নৃত্য গীত কৰিলা। কুবেৰে নানা দ্ৰব্য যোগাইলা, তাৰে অসংখ্য সুন্দৰীগণ পাঞ্চিলা। হস্তীক হস্তিনী, অশ্বক অশ্বিনী, গৰ্দ্ধভক গৰ্দ্ধভী, গুণক গুণী, পক্ষীক পক্ষিনী দিলা। যাক যি উচিত ভক্ষ ভোজ্য লেহ্য শোচ্য, চতুৰ্ব্বিধ অনু দিলা। জানা বাল্মিকী শ্ৰীৰাম সেৱক ব্ৰহ্মাণ্ড ভিতৰে কোন দুৰ্ল্লভ থিক। দেখু অৰণ্যতে