সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১৬
অসমীয়া সাহিত্যৰ চানেকি।

চলিয়োক গজৰাজ কৰো নমস্কাৰ।
তুমি বিনে মন কোনে পূৰিবে আমাৰ॥
তুমি সে আমাৰ পতি নমো গজৰাজ।
আমি দাস সকলৰ সাধিয়োক কায॥

হেন শুনি গজৰাজ বুলিলা বচন।
কেন মতে মই ভুঞ্জাইবোহোঁ ইক্ষুবন॥
ক্ষুদ্ৰ জন্তু তই তৃণে থাকিবি লুকাই।
মহাৰণ্যে মোৰ কায় লুকান নযাই॥

কি জানি গৃহস্থে বেঢ়ি ধৰয় আমাক।
পাছে মই কি কৰিবো কহিয়ো তাহাক॥
শুনিয়া শৃগালে বাক্য বুলিলা সম্প্ৰতি।
তাহাৰ উপায় আছে শুনা মহামতি॥

যদি বা গৃহস্থে খেদি আসয় তোমাক।
আছে এক উপায় শুনিয়ো আবে তাক॥
আগ হৈবো আমি তুমি চলিবা পাচত।
গৈয়া পশিবোহো আমি মহাকাননত॥

তেৰে কেনে গৃহস্থে তোমাক খেদি পাইব।
খেদিয়া নপায়া সিতো গৃহে চলি যাইব॥
হেন শুনি মাতঙ্গ চলিলা মহাৰঙ্গে।
শৃগাল যূথক আবে লগ লৈলা সঙ্গে॥

কতো বেলি পাইলা গৈয়া সেহি মধুবন।
হস্তীৰ নিকট আসি চাপিল মৰণ॥
বৰাহ বদতি শুনিয়োক নৰপতি।
পাছে ইক্ষু বনে পশিলেক মহামতি॥

মৰমৰি কৰি ভাঙ্গি দেন্ত মহাবল।
পৰম আনন্দে ভুঞ্জে শৃগাল সকল॥
আপুনিয়ে হৰিষে ভুঞ্জন্ত ৰঙ্গ মনে।
শুনিয়া গৃহস্থে খেদি আইল তেতিক্ষণে॥