পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১৪
অসমীয়া সাহিত্যৰ চানেকি।

কৰিয়োক পক্ষীৰাজ মোহোৰ কৈল্যাণ।
লভিলো তোমাক গুৰু কৈয়োঁ মোত জ্ঞান॥
এহিবুলি স্তুতি নতি কৰিলা বিস্তৰ।
তাক নেলেখিলোঁ পদ বাহুল্যক ডৰ॥

অনেক কাৰ্পূণ্য কৰি কপটে কান্দিলা।
দেখি গৃধ্ৰ শকুনৰ দায়া সম্পজিলা॥
অনেক সাদৰ কৰি তাহাক ৰাখিল।
বিশ্বাস কৰিয়া বৃক্ষ কোটৰত থৈল॥

অন্য পক্ষী দেখে বুলি মহা যত্ন কৰি।
লুকায়া ৰাখন্ত বৃক্ষ কোটৰত ভৰি॥
এহিমতে কতিপয় দিনত ৰাখিল।
অন্ধক বুলিয়া গৃধ্ৰ মাৰ্জাৰে জানিল॥

গৃধ্ৰৰ নাহিকে চক্ষু কি কৰিবে মোক।
চলি যাইবো মই হৃদয়ত দিয়া শোক॥
এহি বুলি মনে আছিলেক ছেগ চাই।
এক দিনা শিশু পক্ষী পেলাইলেক খাই॥

যতেক আছিল শিশু চটক সমস্ত।
খায় অস্থি নখ পখা থৈল কোটৰত॥
পৰম আনন্দে সিতো নিজ থানে গৈলা।
গধূলিকা বেলা পক্ষী বৃক্ষক আসিলা॥

শিশু পক্ষী নেদেখিয়া কান্দিলা শোকত।
অস্থি নখ পখা পাইল বৃক্ষ কোটৰত॥
সবে বোলে অন্ধক শকুনে মাৰি খাইল।
এহি বুলি সবে মাৰিবাক মনে ধাইল॥

সবে পক্ষীগণে বেঢ়ি খুটিবাক লৈল।
অন্ধক শকুন মৰি যমপুৰে গৈল॥
এহি মতে মাৰ্জ্জাৰে গৃধ্ৰক মাৰি খাইল।
পৰম আনন্দে সিতো গৃহত থাকিল॥