পক্ষী সকলৰ ৰাৱ শুনি কৃপকৰ্ণ।
মহা দুঃখে ভৈল তাৰ বিবৰ্ণ বদন॥
মনে বোলে কোন আসি আছে মোৰ স্থান
জানো শিশু চটকৰ লৱে আজি প্ৰাণ॥
কেন মতে ৰাখোঁ আজি জ্ঞাতি শিশুগণ।
এহি বুলি দম্ভ কৰি বুলিলা বচন॥
হাওঁৰে পাপীষ্ঠ কোন আসিছ ইথান।
ঝাণ্ট কৰি মোক আবে দেস সমিধান॥
কত কাল বঞ্চি আছোঁ এহি বৃক্ষডালে।
কোন জন লোকে নেদেখিলে এতকালে॥
আজি কৈৰ পৰা আসি আছ কোন স্থান।
কি কামে আসিছ আবে কহিয়ো কাৰণ॥
কিবা নাম তোহোৰ থাকস কোন স্থানে।
শিশু চটকক দৰুৱাস কি কাৰণে॥
মই আছোঁ বুলি এবে জনা নাই তই।
ক্ষণিতেকে ৰহ আজি প্ৰাণ লৈবোঁ মই॥
শৰীৰৰ মাংস নখে বখালি পেলাইবোঁ।
ঠোঁঠে খুটি আজি তোৰ অগ্ৰ মাংস খাইবোঁ॥
কোন বিধি তোক আজি আনিয়া মিলাইল।
নিশ্চয়ে জানিবি আজি তোক কালে পাইল॥
এহি বুলি কৃপকৰ্ণে গৰ্জ্জিবাক লৈলা।
হেন দেখি মাৰ্জ্জাৰৰ ধাতু উৰি গৈলা॥
হাঁ বিধি কোন কামে ইথানে আসিলোঁ।
বৃদ্ধ শকুনৰ হাতে বিপাঙ্কে পৰিলোঁ॥
কোন কাম কৰো আজি যাইবো কোন স্থান।
বৃদ্ধ গৃধ্ৰ হন্তে কেন মতে ৰাখোঁ প্ৰাণ॥
শিশু চটকৰ মাংস আইলোঁ ভুঞ্জিবাক।
আছোক খাইবাক মাংস নাশিলোঁ প্ৰাণক॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৮৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০৮
অসমীয়া সাহিত্যৰ চানেকি