পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০২
অসমীয়া সাহিত্যৰ চানেকি।

ফটিকৰ স্তম্ভ গোট দীপ হেন জ্বলে।
লাস্ফ দিয়া ধৰি বীৰে শৰীৰৰ বলে॥
স্তম্ভ গোট তুলি বীৰে পকাইবাক লৈলা।
কুমাৰৰ চাক যেন স্তম্ভ পাক দিলা॥

এড়িলেক স্তম্ভ গোট দিয়া হুঁহুঁঙ্কাৰ।
স্বৰ্গ মৰ্ত্ত্য পাতালে লাগিলা চমৎকাৰ॥
শ্ৰীৰামে বোলন্ত নাহি সৈন্যৰ নিস্তাৰ।
নজানোঁ কোনবা বীৰে কৰিল প্ৰহাৰ॥

কতো দূৰে থাকিয়া দেখিল হনুমন্তে।
লাম্ফ দিয়া স্তম্ভক ধৰিলা বাম হাতে॥
বাম হাতে স্তম্ভগোট থাপদি ধৰিয়া।
কৰ্ণত পিন্ধিলা হনু ফুটিযে কৰিয়া॥

ৰামে বোলে ধন্য ধন্য বীৰ হনুমান।
সকল সৈন্যৰ তুমি দিলা প্ৰাণ দান॥
হনু বোলে তযু আজ্ঞা ধৰি আছো শিৰে।
তযু কৃপা নভৈলে কি ধৰিবাক পাৰে॥

হৰিষ ভৈলন্ত ৰাম সুগ্ৰীব বানৰ।
হনুক প্ৰসাদ ৰামে দিলেক অপাৰ॥
অঙ্গদে পঠাইলা স্তম্ভ তোমাৰ গোচৰে।
মণ্ডপৰ ঘৰ বীৰে দেখিলা উপৰে॥

মণ্ডপক কাছে বীৰ গৈলা এক জাম্পে।
লঙ্কাৰ নগৰীখান তৰতৰি কাম্পে॥
সুবৰ্ণ মণ্ডপখান মাথে তুলি লৈলা।
ৰাম লক্ষ্মণৰ পাশ শীঘ্ৰ গৈয়া পাইলা॥

মণ্ডপক ভেণ্টি বাৰে নমিলা চৰণ।
দেখিয়া হৰিষ ভৈলা শ্ৰীৰাম লক্ষ্মণ॥
কনকৰ মালা দিয়া কৰিলা আশ্বাস।
সকল সেনায়ে কৰে অঙ্গদক প্ৰশংসা॥