পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮০
অসমীয়া সাহিত্যৰ চানেকি।

অনেক মঙ্গল বাদ্য বাৱে পৰি চানি।
কাহাৰ শবদ কেহো থিতাতে নুশুনি।
নটীগণে নৃত্য কৰে নটে গাৱে গীত।
দ্বিজবৰে ৰচিলা পাঞ্চালী মনোনীত॥

ধুৰা—ঢোল বাজে মৃদঙ্গ বাজে, নানান মধুৰ বাদ্য বাজে তৰে॥

কতো দিব্য বীণা বাৱে  কতো সুৰুতিত গায়ে,
  কতো ৰুদ্ৰ বাৱে কৰি লাস।
কাচিয়া কন্যাক পাছে  আনিলা বৰৰ কাছে,
  যেন লক্ষী প্ৰকাশ কৰন্ত॥
বৰ প্ৰদক্ষিণ কৰি  বাম বাহু তুলি ধৰি,
  সুলোচনা ৰহিলা দড়াই।
মাধৱ সুতিয়া ৰৈলা  প্ৰচেষ্ট ভাবিবে লৈলা,
  আছোহো সঙ্কেট সব পাই॥
বিধিয়ে বঞ্চিলে তাক  অভাগি নিদ্ৰাত থাক,
  মই আনো সেই কন্যা যাই।
যদি সেই কন্যা পাওঁ  ইহাক এৰিয়া যাওঁ,
  দাস হুইতে প্ৰয়োজন নাই॥
অনেক ভাৱনা কৰি  প্ৰচেষ্ট ঘোৰাত চৰি,
  চলি গৈলা পথে আকাশৰ।
কন্যাৰ বাম হাতে ধৰি  মনে মহাৰঙ্গ কৰি,
  তুলি লৈলা ঘোৰ উপৰত॥
গৈয়া সিন্ধু পাৰ পাই  কন্যাৰ বদন চাই,
  বুলিবে লাগিলা মন্দমতি।
সাগৰৰ পাৰ আইলোঁ কাঞ্চি নামে পুৰি পাইলোঁ,
  যেন দেখা জ্বলে অম্ৰাৱতী॥
জানিবা প্ৰচেষ্ট মই  নাহি প্ৰিয়া সংশয়,
  বিদ্যাধৰ মাধৱৰ ভাই।
মোক আলিঙ্গন দিয়া  প্ৰাণ ৰাখা প্ৰাণ প্ৰিয়া,
  দ্বিজবৰে পাঞ্চালী ৰচয়॥