ঘৰে আসি মাধৱৰ বিয়াকুল মন।
আপোনাৰ ঘোডা শালে কৰিলা গমন॥
সুলোচনা মাধৱৰ এহি ইতিহাস।
পদবন্ধে দ্বিজবৰে কৰিলা প্ৰকাশ॥
ধুৱা—সদায়ে বদন বোলা হৰি কৃষ্ণ নাম।
লভিবা সুফল মনকাম॥
কৰযোৰে মাধৱে বোলন্ত ঘোটকক।
কোনে নিবা পাৰা মোক সাগৰ পাৰক॥
শুনিয়া ঘোটক সব অন্যো অন্যে চাই।
কেৱে কিছু নুবুলিলা ৰৈলা ঘাস খাই॥
সুলক্ষণ এক ঘোড়া কুৎসিত শৰীৰ।
মাধৱক বচন বুলিলা ধীৰে ধীৰ॥
তোমাক নিবাক পাৰোঁ সাগৰৰ পাৰ।
শুনা যুবৰাজ কহো দুখ আপোনাৰ॥
স্বপ্নত নেদেখোঁ কেন মত ধান মাস।
দিনে ৰাত্ৰি পাওঁ এক মুঠি ছেৰা ঘাস॥
জোৰা দিয়া জৰী সব আমাৰ গাৱত।
যত দুঃখ পাওঁ মই তোমাৰ শালত॥
নহয়ে ভ্ৰমণ জানা প্ৰতিপাল বিনি।
ঘ্বত তৈল কাষ্ঠ বিনে নজ্বলে অগনি॥
নানা অলঙ্কাৰ পিন্ধে আনো ঘোড়া চয়।
কাঠিৰ কুকুৰ কিবা সিংহ সম হয়॥
একক্ষণে পৃথিবীক পাৰোহো ভ্ৰমিতে।
শুনিয়া মাধৱে পাছে লাগিলা বুলিতে॥
মোৰ পিতা কৰিলে যতেক তযু দোষ।
ক্ষমিয়ো সকলে তাপ এৰ অসন্তোষ॥