পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪২
অসমীয়া সাহিত্যৰ চানেকি

নাম সাঙ্গে জন্মাদ্য ডাকয়।
পাছে বিপ্ৰে ভাগৱত কয়॥
নিৰন্তৰে শুনে কৰ্ণ ভৰি।
মন-বুদ্ধি সাৱধান কৰি॥
ভাগৱত অমৃত সাগৰে।
ডুব দিয়া থাকে নিৰন্তৰে॥
ক্ষুধা, তৃষ্ণা, একোৱে নবাধে।
কৰ্ণৰ তৃপিতি মাত্ৰ সাধে॥
পাছে ভাগৱত অৱসানে।
আগুৱাই গায়ন বায়নে॥
সেহি বেলা প্ৰভু ৰঙ্গ কৰি।
দৌল হন্তে বাজ হুয়া হৰি॥
আসি পাছে নাট মন্দিৰত।
বসে প্ৰভু সিংহ আসনত॥
যি ঠাইত বসে দেৱ হৰি।
আছে তাত চন্দ্ৰাতপ তৰি॥
দণ্ড, ছত্ৰ ধৰে কতো নৰে।
দুয়ো পাশে ঢুলায় চামৰে॥
কতো কতো খাণ্ডা বাৰু ধৰি।
মাধৱক থাকন্ত আৱৰি॥
নানা উপায়ন বস্তু থয়।
পাছে সবে প্ৰণাম কৰয়॥
হাতে তালি ধৰি গীত গাৱে।
বায়নেও বাজনা বজাৱে॥
নৰ্ত্তকী সকলে নৃত্য কৰে।
ভাৱ দিয়া নানা ভঙ্গি কৰে॥
হাসি কতো দেয় চক্ষুঠাৰ।
কতো বস্ত্ৰে কৰে মুখ আৰ॥
লাসে বেশে দৰশাৱে গাৱ।
ভক্তৰ নোপজে তাত ভাৱ॥