সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪০
অসমীয়া সাহিত্যৰ চানেকি

আনো নানা জাতি বৃক্ষচয়।
প্ৰৱন্ধে যে ৰুপিয়া আছয়॥
আৰু এক কথা দিয়া কাণ।
পুষ্প বাৰী কৰিছে নিৰ্ম্মাণ॥
পুষ্পচয় কৰে জ্যোতিকাৰ।
মধু লোভে গুঞ্জৰে ভ্ৰমৰ॥
চম্পা, নাগেশ্বৰ বক জাই।
শিৰীষ সেৱতী ঠাই ঠাই॥
বকুল কদম্ব আম জাম।
সোল কুঞ্চি দেখিতে সুঠান॥
শেৱালী নেৱালী, গুটিমালী।
দয়ামানী, বন্দুলী, গুটিমালী॥
সুগন্ধ মালতী কৰবীৰ।
বিহৰলী কেতেকী ৰুচিৰ॥
কাঞ্চন, অশোক সূৰ্য্যকান্তি।
তগৰ ৰোপিছে পান্তি পান্তি॥
ৰাঙ্গল মৰুৱা মণিৰাজ।
মাধৱী, লৱঙ্গ; ভৃঙ্গৰাজ॥
জয়ন্তী, কাঞ্চন, যূতি, বাগী।
বহুতৰ পুষ্প আছে লাগি॥
শ্বেততৰ মণি ৰক্ততৰ।
বিষ্ণুক্ৰান্তা পুষ্প ভদ্ৰতৰ॥
ইন্দ্ৰমালতী, ৰঙ্গ চঙ্গ।
ভ্ৰমৰা নাছাড়ে যাৰ সঙ্গ॥
তুলসী গোবিন্দ প্ৰিয়তৰ।
জগত পাৱনী পাপহৰ॥
আনো নানা জাতি পুষ্পচয়।
কি কহিবো অনেক আছয়॥
যি কিছু জানিলো দিলো লেখা।
কোনে কহি কৰিবোক সংখ্যা॥