পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০১৮
অসমীয়া সাহিত্যৰ চানেকি।

সেহি ৰুদ্ৰসিংহ ৰাই  ভোগ অৱসান পাই,
  স্বৰ্গলোকে গৈয়া ৰহিলন্ত।
তাহান তনয় বৰ  মনোহৰ কলেৱৰ,
  শিৱসিংহ নৃপতি ভৈলন্ত॥
দানত কৰ্ণৰ সম  দুষ্ট দমনত যম,
  ধৈৰ্য্যত সাগৰ সমসৰ।
প্ৰতাপত দিনমণি  শত্ৰুত যেহেন গণি,
  নৃপতিৰ গুণৰ সাগৰ॥
যাৰ ৰূপ নিৰেখিয়া  কামিনী মুহিত হৈয়া,
  আপুন পতিক পাসৰাই।
পণ্ডিত ব্ৰাহ্মণে যাই  যাৰ সন্নিকট পাই,
  আনন্দ ৰসত মগ্ন হই॥
বেদ পথ অনুসৰি  দেৱ গৃহচয় কৰি,
  নিৰ্ম্মল ভকতি উপাৰ্জ্জিলা।
কৰি নানা স্বস্ত্যয়ন  দুৰ্গতি কৰিলা ছন্ন,
  ধন দিয়া বিপ্ৰক তুষিলা॥
তাহান ভৈলেক জায়া  অতি সুললিত কায়া,
  ৰত্নকান্তি নামে মহাসতী।
সুললিত অঙ্গচয়  দেখি মুনি মোহ হয়,
  বদনে জিনিছে নিশাপতি॥
সুললিত দীৰ্ঘ কেশ  যেন পাৰ্ব্বতীৰ বেশ,
  একো অঙ্গ নাহি ক্ষতিখুন।
শাস্ত্ৰ পথ অনুসৰি  স্বামীত ভকতি কৰি,
  প্ৰকাশ কৰিছা সতীগুণ।
হেন মহা নৃপতিৰ  ৰত্নকান্তি মহিষীৰ,
  আদেশ ৰত্নক শিৰে ধৰি।
কবিৰাজ দ্বিজবৰ  পদ বন্দি মাধৱৰ,
  বিৰচিলা ভাষা বন্ধ কৰি॥