সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিৰাজ চক্ৰবৰ্ত্তী।

আত্ম পৰিচয়।

ইন্দ্ৰৰ বংশত ৰুদ্ৰসিংহ নৰপতি।
সৌমাৰ দেশৰ পতি ভৈলা মহামতি॥
যাৰ শুদ্ধ যশে পূৰি আছে বসুমতী।
হৰি হৰ দুৰ্গা পাৱে যাৰ সদা ৰতি॥

তাহাৰ প্ৰথম পুত্ৰ শিৱসিংহ ৰাই।
দেৱতা বিপ্ৰত ভক্তিমন্ত শুদ্ধ কাই॥
ধৈৰ্য্যত সাগৰ সম ক্ৰোধত অগনি।
প্ৰতাপত সাক্ষাৎ যেন প্ৰচণ্ড দিনমণি॥

দানত কৰ্ণৰ সম ক্ষমাত ধৰণী।
যশস্বীৰ মধ্যে যাক প্ৰথমতে গণি॥
কৰ্পৰ দৰ্প হৰে যাৰ ৰূপ দেখি।
কামিনী বিমোহ হৱে যাহাক নিৰেখি॥

নামত প্ৰথমেশ্বৰী শুদ্ধ সুক্ষ্ম জায়া।
ইন্দ্ৰৰ ৰমণী যেন আদিত্যৰ ছায়া॥
কমল লোচনী বৰবালা চন্দ্ৰমুখী।
যাহাৰ দৰ্শনে নৰ নাৰী হৱে সুখী॥

ৰাত্ৰি দিনে স্বামী পাৱে কৰন্ত ভকতি।
দেৱ দ্বিজ শুশ্ৰুষাত সদা যাৰ ৰতি॥
স্বামীৰ আজ্ঞাক কিঞ্চিতেকো নলঙ্ঘয়।
দুৰ্গা পদপঙ্কজক সততে সেৱয়॥