পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০৬
অসমীয়া সাহিত্যৰ চানেকি।

শুনি দূতে যাই  শঙ্কৰক পাই,
  ৰাজাৰ আজ্ঞা কহিয়া।
আদৰ পূৰ্ব্বকে  নগৰক নিল,
  বাচক নাৱে তুলিয়া॥
মহাস্নেহে ৰাজা  শঙ্কৰ দেৱক,
  সমীপতে বাসা দিলা।
পাছে শুক্লধ্বজে  বহুবিধ ভাৱে,
  শঙ্কৰক আদৰিলা॥
মহা ধীৰ বীৰ  গহিন গম্ভীৰ,
  শুক্লধ্বজ নাম তান।
মন্ত্ৰী নৃপতিৰ  অনুজ নিমিত্তে,
  বোলয় ছোট দেৱান॥
তেন্তে এক দিনা  শঙ্কৰ দেৱক,
  সমজ্যাক লাগি নিলা।
কেন মত ইতো  বৈকুণ্ঠৰ থান,
  কহিছে বুলি পুছিলা॥
ৰাজা সম্বুধি  শঙ্কৰে বোলন্ত,
  কথা শুনা বৈকুণ্ঠৰ।
সপ্তম স্বৰ্গৰ  উপৰে প্ৰকাশে,
  থান খান মনোহৰ॥
ব্ৰহ্মা মহেশ্বৰ  উপৰে প্ৰকাশে,
  বিষ্ণুৰ সিতো আলয়।
কোটি সূৰ্য্য সম  প্ৰকাশ কৰয়,
  অতিৰেক জোতিৰ্ম্ময়॥
পঞ্চ বিধ ভক্ত  সবৰ আলয়,
  বেশ যেন ঈশ্বৰৰ।
যত নাৰীগণ  সবে লক্ষ্মী সম,
  দেখিতে আতি সুন্দৰ॥