পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩২
অসমীয়া সাহিত্যৰ চানেকি।

দেৱৰোপ্ৰসাদ পাই।
অৱনত কৰি কায়॥
সেৱা কৰিলন্ত পৰি।
পাৰক আসিলা লৰি॥
ইকথা বিস্ময় নুই।
জানা ইতো সত্য হুই॥
তেন্তে মোৰ আদি মূল।
বংশৰ কমল ফুল॥
তাহান সন্ততি ধাৰা।
চলি আছে পৰম্পৰা।
বৰপাত্ৰ নাম লৈল।
অনেক পুৰুষ গৈল॥
অধিকাৰী পদ পাই।
গৈলা লোক প্ৰবৰ্ত্তাই॥
সেহি বংশে ভৈলো জাত।
ৰামচন্দ্ৰ নামে খ্যাত॥
বৰপাত্ৰ নাম ধৰি।
আছো ৰাজসেৱা কৰি॥

সৌমাৰ পাঠৰ গড়গ্ৰাম নাম যাৰ।
সেহি স্থানে থাকি মই ৰচিলো পয়াৰ
নামত যোগিনী তন্ত্ৰ মহেশ্বৰ বাণী।
পৰম সাদৰে যাক শুনিলা গোসানী॥
আৰু এক কথা কওঁ শুনিয়ো সম্প্ৰতি।
যি কালত পুস্তক ভৈলন্ত সমাপতি॥
প্ৰপঞ্চ কৰিয়া আৰ ৰচিবো পয়াৰ।
তিথি, মাস, বাৰ, অব্দ কৰিবো প্ৰচাৰ
নক্ষত্ৰাদি যোগফল, সকলো বৰ্ণিবো।
ই সবক দিয়া পদ ৰচনা কৰিবো॥