সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩৯
মৃগাৱতী চৰিত্ৰ।

খৰোতৰ কৰি  নৌকাত চড়িয়া,
  দুয়ো এক মতি হুয়া।
সমুদ্ৰৰ মাজে  প্ৰচণ্ড মৰুতে,
  তিলেকে ঠেকাইল নিয়া॥
ইঠাইত সকল  লোক অচেতনে,
  আছি তিনি পৰমান।
একো একো কৰি  উঠিল সমস্তে,
  পায়া সবে শ্ৰুতি জ্ঞান॥
দেখে যুবৰাজ  নাহিকে সমাজ,
  আচৰিত কিনো ভৈলা।
হাক নেবিকলে  সকলে থানত,
  বিচাৰিবে সবে লৈলা॥
নাপাই নথৈই পাছে  ৰাজাত জনাইল,
  শীঘ্ৰে একজন গৈয়া।
শুনি নৰপতি  চাইবাক চৌভিতি,
  দিলেক সৈন্য পঠায়া॥
ৰাজাৰ বচনে  নদী গিৰি বনে,
  বিচাৰিলা নিৰন্তৰে।
পালটি আসিয়া  বিচাৰি নাপায়া,
  ৰাজাত দিল গোচৰ॥
হেন শুনি ৰাজা  দুখ কষ্ট কৰি,
  থাকিলা আপোন ঘৰে।
আত অনন্তৰে  শুনা যেন ভৈলা,
  সিতো ৰাজ কুমৰৰে॥
মহা ৰঙ্গেঢঙ্গ  ডিঙ্গাৰ উপৰে,
  যান্ত যেবে যুবৰাজ।
পাছে সমিৰণ  বেগৰ প্ৰভাব,
  পাইলা সাগৰৰ মাজ॥