পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৩৬
অসমীয়া সাহিত্যৰ চানেকি।

যদি নৃপতিৰ  সবে সদাগৰ,
  দিবে মোক দায়া তৰে।
তাৰ যত ধন  কৰিবো গ্ৰহণ,
  ৰহিবো ভিন্ন বাসৰে॥
কন্যাৰ নিমিত্তে  যেহি ধন দিয়া,
  সন্তোষ কৰি ৰাজাক।
নানান উৎসবে  নিজ ব্যৱহাৰ,
  কৰিবো ৰঙ্গে বিহাক॥
কুমৰৰ বাণী  শুনি পাত্ৰগণে,
  ৰাজাত কহিলা যাই।
শুনি নৰপতি  ৰঙ্গ কৰি আতি,
  বুলিলা পাছে দুনাই॥
সমুদ্ৰৰ কোলে  দিব্য গৃহ এক,
  সাজিয়োক ভাল কৰি।
চৌপাশে বেঢ়িয়া  জাপ গঢ় দিয়া,
  দিবাহা পালি প্ৰহৰি॥
ৰাজাৰ আদেশে  হেনয় প্ৰকাৰে,
  নিৰ্ম্মিলন্ত ঘৰ খান।
আপুনি নৃপতি  কুমৰক তথি,
  থৈলা কৰি ৰঙ্গ মান॥
একশত দাসী  সুন্দৰি যুবতী,
  সেৱা কৰিবাক দিলা।
একশত মত্ত  মাতঙ্গ তুৰঙ্গ,
  সহস্ৰেক সমৰ্পিলা॥
পঞ্চাশ হাজাৰ  পৰম যোদ্ধাৰ,
  পাইক দিলা ৰঙ্গ কৰি।
সকলে যোগান  দিলা কৰি মান,
  কুমৰৰ মন পূৰি॥