পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা-গীতা। ৫১৭ জীবা। এই কাৰ্পণ্য কুলক্ষয় দোষেও মোৰ সবে শূৰ স্বভাৱ গুচিল; যুদ্ধ এৰি ক্ষত্ৰিয়ৰ ভিক্ষা ধৰ্ম্ম বা অধৰ্ম্ম আতে মুঢ়চিত্ত হৈলো। এতেকে তোমাত পুছে, যি শ্ৰেয়স হয় তাক নিশ্চয় কৰি কহা, তোমাৰ মঞি শিষ্য হৈলো, চৰণত শৰণ লৈলো; এতেকে মোক শিখাৱা। যদি বোলা তুমি বিচাৰি যি যুক্ত হৱে তাকে কৰা, তাত শুনা। মোৰ ইন্দ্ৰিয় শশাষণ শোকক যি কৰ্ম্মে দূৰ কৰিব তাক নেদেখো। যদি ভূমিত অকণ্টকা সৰ্বসমৃদ্ধি ৰাজ্য পাঞে, দেৱৰ ইন্দ্ৰ যদি হঞো, তথাপি শোক নিবৃত্তিৰ উপায় নেদেখো। সঞ্জয়ে কহন্ত, এই বাক্য গোবিন্দক বুলি, গুড়াকেশ অৰ্জ্জুনে মুয়ুঝিম বুলিয়া মৌনে ৰহিলা। হৃষিকেশ ভগৱন্তে হাস্যবদনে দেহাত্মবিবেক দেখাই তাহান মোহ দূৰ কৰিতে এই বাক্য বুলিলা; হে সখি অৰ্জ্জুন, তুমি শোকৰ অবিষয় বন্ধুসবক শোক কৰা, তাত মঞি বোধ দিলেও পণ্ডিতসবৰ বাদসব কহ, তুমি পুমু পণ্ডিত নহৱা; যি পুনু পণ্ডিত হয়, সি জীয়ন্তা মৰা দুইকে। শোক নকৰে। তাৰ হেতু শুন; যেন মঞি অনাদি ঈশ্বৰ লীলতনু ধৰিতে এড়িতেয়ো নাইকা নহে; কিন্তু সদায়ে থাকে। তুমি এই ৰাজাসবো উপজি মৰিও, মোৰ অংশ পদে নাইকা নহৱা, কিন্তু সততে থাকা; পৰমাৰ্থত জন্ম মৰণ নাই নিমিত্তে শোক নকৰিবা। যদি বোলা তুমি ঈশ্বৰৰ জন্ম মৰণ নাই, ই সত্য হয়, জীৱৰ পুনু জন্ম মৰণ প্ৰসিদ্ধ আছে, তাত শুনা। যেন দেহী পুৰুষৰ এই দেহাতে দেহ নিবন্ধন কৌমাৰ, যৌবন জৰা অৱস্থা হয় দেহান্তৰ প্ৰাপ্তিকে তেমনে বুজিবা। এতেকে যি ধীৰ হয় সি দেহৰ উৎপত্তি বিনাশত মোহ নাই। যদি বোলা মঞি বন্ধুসবক শোক নকৰে। কিন্তু তাৰাৰ বিয়োগ দুষখ পাইৰৰ বুলি আপুনাকে শোক কৰোঁ, তাত শুনা। যেন অনিত্য অস্থিৰ বিষয় সম্বন্ধ সৰ স্বভাৱে পুৰুষক শীত-উষ্ণ সুখ-দুখ দেই, তেমনে ইষ্টসংযোগবিয়োগাদিয়ে সুখ-দুখ দেই; তাক সহন ধীৰৰ উচিত হয়। প্ৰতিকাৰ কৰণতো কৰি মহাফল সাধে পদে, সহনেসে ভাল দেখি। যি ধীৰ জনক বিষয়সম্বন্ধসবে অভিভব নকৰে, সি সুখে-দুখে সম হুয়া, ধৰ্ম্মজ্ঞান দ্বাৰায়ে মোক লাগি যোগ্য হয়। যদি বোল। তথাপি শীত-উষ্ণ অতি দুঃসহ, তাক সহিতে কদাচিত আত্মা নষ্ট হব পাৰে, তত শুনা। পুৰুষৰ শীত-উষ্ণ সহিতে আত্মাও নষ্ট নহয়। মিথ্যা শীতোষ্ণাদিৰ আত্মত স্থিতি নঘটয়। সত্য আত্মাৰ বিনাশ নাই। এই সন্ত অসন্তৰ তদশীসবে নিৰ্ণয় দেখিছে। এহূয় জ্ঞান হৈলে সবে সহিবে পাৰিবা। যি আত্মায়ে সকল দেহাদিক সাক্ষীৰূপে ব্যাপি আছে, তাৰু অবিনাশী কৰি জানিবা,