পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০৭
কথা ভাগৱত।

যেন ভূচৰ প্ৰাণী শিলা বৃক্ষ পৰ্ব্বতত ভৰি দিলেও পৃথিবীক এড়ি নাযাই, তেমনে বেদে নানাদেৱতাক কহন্তেও সৰ্ব্বকাৰণ তোমাকেসে প্ৰতিপাদন কৰে। আত সন্তৰ সদাচাৰে প্ৰমাণ দেখাওঁ। হে গুণ মায়াৰ অধিপতি, বিবেকীসবে তোমাক সৰ্ব্বকাৰণ জানি তোমাৰ কথামৃতসাগৰ সেৱা কৰি, সকল পাপ তাপ পৰিত্যাগ কৰে, তেবে তোমাৰ কথাত সৰ্ব্ব পাপ ত্যাগ হয়, তাক কি বুলিবোঁ। স্বৰূপ জ্ঞানে ৰাগ লোভাদি এড়ি সততে তোমাক সেৱা কৰে। এই দুই প্ৰকাৰে যি মনুষ্যে তোমাক নভজে, সি অৱশ্যে আত্মঘাতি অসূ্ৰ্য্যা নাম নৰকত পৰে। যদি তোমাক ভজে তেবে সফল জীৱন হয়। অন্যথা পুনু ভাঠি হেন নিশ্বাস কাঢ়ে। যদি বোলা অভক্ত জনৰো কামাদি সুখ দেখি, তাত শুনা। তুমি কাৰ্য্যকাৰণ সকল জগতকে অনুগ্ৰহ কৰিছা, এতেকে জীৱন হেতু তোমাৰ অনাদৰে বিষয় ভোগো নঘটে। আৰু অম্নময়, প্ৰাণময়, মনোময়, বিজ্ঞানময়, আনন্দময়, এই পঞ্চ কোষতো প্ৰবেশ হুয়া সেই সেই ৰূপে প্ৰবেশ কৰা, তথাপি সেই সমে তোমাৰ সঙ্গ নাই, যাতো সবাতে পৰব্ৰহ্ম, পশ্চাতে থিতি হুয়া যেন শাখাক লক্ষ্য কৰি চন্দ্ৰক দেখাৱে, তেমন শুদ্ধ স্বৰূপ জনাইতে সে পঞ্চ কোষত প্ৰবেশ কৰে। কতো যোগীসবে ঋষি উপদেশে উদৰক অবলম্বি মণিপুৰ চক্ৰত তোমক উপাসা কৰে। কতোসবে হৃদয়ক অবলম্বি সূক্ষ্মৰূপক চিন্তে। তবে সুষুম্নাদ্বাৰে তোমাৰ স্বৰূপক পাৱে। যাক পায় পুনু মৃত্যুৰ মুখ সংসাৰত নপড়ে। যদি বোলা মোৰ হৃদয় সম্বন্ধ হৈল, তেবে জীৱত কৰি কি বিশেষ হৈলোঁ, তাত শুনা। যেন অগ্নি নানা কাষ্ঠতনানা ৰূপে প্ৰকাশ কৰো, তুমিও তেমনে স্বসৃষ্ট নানা দেহত প্ৰবেশি নানা ৰূপে প্ৰকাশ কৰা।

 এতেকে বিনাশী দেহতো তোমাৰ স্বৰূপ সত্য সম একৰস, আক নিৰ্ম্মলমতি সবে জানে। এহি হেতু তোমাৰ উপাধি কূটৰ তাৰতম্য নাই। অখণ্ড ঐশ্বৰ্য্যে জীবৰ উপাস্য হৱা। এতেকে আমি বেদগণে তোমাৰ চৰণ ভজনক উপদেশ বোলোঁ। আপুনাৰ কৰ্ম্মে উপাৰ্জ্জিত নানা দেহত প্ৰবৰ্ত্তমান জীৱক সৰ্ব্বশক্তিধৰ, তোমাৰ অংশ বুলি কহে। এমনে যাৰ স্বৰূপক বিবেকীসবে বিচাৰি অৰ্চ্চন বন্দন কৰি পৰম বিশ্বাসে তোমাৰ চৰণ উপাসা কৰে,যাত হন্তে সংসাৰ দূৰ হৱে। কতোসবে বোলয় ভক্তি অল্প পৰম সাধন, তাক তুচ্ছ মানি, ভক্তিক গৰিষ্ঠ কৰো। হে ভগৱন্ত! বিৰলসবে তোমাৰ চৰিত্ৰ অমৃত শ্ৰবণ কীৰ্ত্তন কৰি সকল শ্ৰমক দূৰ কৰে, মোক্ষকো ইচ্ছা নকৰে, আনক নকৰিব তাক কি বুলিবো। যাতো সাধু সঙ্গত কথাৰ সুখে পূৰ্ব্বসিদ্ধ গৃহাদি সুখকো উপাসা কৰিছে। এতেকে তোমাৰ কথামৃত সাগৰত বিহাৰ কৰিতে ধৰ্ম্ম অৰ্থ কাম মোক্ষকো তৃণ হেন দেখে।