পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৮১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫০০
অসমীয়া সাহিত্যৰ চানেকি।
অধ্যাপন।

যাৱত কৃষ্ণৰ কথা শুনে, কথাৰ অৰ্থক মনে গুণে,
 ভাৰত কথাৰ অৰ্থত মনে ৰহয়।
পাচে শিক্ষা দিবে নাপাৰয়, যিহেতু মনত নৰহয়,
 ইহাক প্ৰাকৃত অধ্যাপন বুলি কয়॥
গোবিন্দৰ কথা লীলা শুনি, আপুনি আনন্দ পাৱে গুণি,
 তাৰ মন মজে ৰমে কথা সমুদ্ৰত।
আনকো শিখাৱে কথাচয়, কথা সত্য বুলি বখানয়,
 অধ্যাপন আক মধ্যম বোলে সতত॥
কৃষ্ণ কথা কহে সাধু সঙ্গে, পৰকো বুজাৱে মহাৰঙ্গে,
 হৰিৰ কীৰ্ত্তন ৰসে মন নেই টানি।
অধ্যাপন বুলি তাক জানা, উত্তম বুলিয়া মনে মানা,
 যিতো অধ্যাপনে সংসাৰৰ কৰে হানি॥

 

শীল।

গুৰুৰ বাক্যক যিতো লৱে, তাকে ব্ৰহ্ম বুলি মাত্ৰ কৱে,
 কদাচিতো আন বাক্যত মন নেদয়।
কৰ্ম্মী কৰ্ম্মফল দেখাৱয়, তথাপিতে মতি নাচাৰয়,
 মহাজনে তাক প্ৰাকৃত শীল কহয়॥
ভকতিক ধৰে দেৱচয়, তাসম্বাক পুনু নগণয়,
 কেশৱত বিনে দেৱতা আন নামানে।
যিহেতু মনক কৈলা থিৰ, ইন্দ্ৰিয়ক দমি ভৈলা বীৰ
 তাহাক মধ্যম শীল সাধুসবে জানে॥
অনিমাদি সিদ্ধি ভক্তে পাৱে, তাত স্পৃহা তেজি নাম গাৱে,
 যিহেতু ভজন ৰস মহা বিপৰীত।
হৰিৰো ৰূপত ইচ্ছা নাই, দাস সেৱা মাগে তাঙ্ক পাই,
 ইহাক উত্তম শীল জানি সাধা হিত॥

⸺⸺