পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৭৫
বিষ্ণুপুৰাণ।

এহি পুণ্যৱন্ত লোক তপৰ প্ৰভাৱে।
পশ্চিমৰ দ্বাৰে গৈয়া যম পুৰ পাৱে॥
দক্ষিণ দিশৰ কহোঁ দ্বাৰৰ মহিমা।
যতেক যাতনা তাৰ কোনে পাৱে সীমা॥

দ্বাৰত অনেক আছে প্ৰাণী নিৰন্তৰ।
শুনি মহাভয় মিলে দেখি লাগে ডৰ॥
দক্ষিণ দ্বাৰক চানি শুনি হাহাকাৰ।
নাহিকে প্ৰকাশ তাৰ ঘোৰ অন্ধকাৰ॥

বজ্ৰকিট ব্যাঘ্ৰ সিংহ কুকুৰ শৃগাল।
ভাই, মই, বিছা, সৰ্প, ভালুক, বীড়াল॥
বাটভেণ্টি আছে সবে পাপী আসে বুলি।
আমি সবে বেঢ়ি তাক মাৰিবো সমুলি॥

পথত কণ্টক বেঢ়ি আছে নিৰন্তৰে।
পৰম সঙ্কট পথ জানিবা পাপৰে॥
ব্ৰাহ্মণক মাৰে শিশু বৃদ্ধক বিঘাতে।
আতুৰ প্ৰাণীক যিতো সমৰত কাটে॥

বিশ্বাস কৰিয়া যিতো শৰণে পশয়।
তাকে বধ কৰি যিবা পাপ আচৰয়॥
স্ত্ৰীবধ কৰে মহা পাপক নচাই॥
দক্ষিণৰ দ্বাৰে মৰি যম পুৰে যাই॥

অস্ত্ৰ শস্ত্ৰ এৰি যিবা যুদ্ধত পলাই।
তাকে খেদি কাটে পাপী ধৰ্ম্মক নচাই॥
দক্ষিণৰ দ্বাৰে দূতে হাতে খাণ্ডা ধৰি।
পাচত কাটিয়া যাই খণ্ড খণ্ড কৰি॥

অগম্য গমন কৰে পৰ বস্তু হৰে।
আপচুৰি কৰে ভূমি হৰে যিবা নৰে॥
বস্ত্ৰ অলঙ্কাৰ শয্যা গৃহ আছে হৰি।
বিবস্ত্ৰ কৰিয়া তাক নিয়ে শাস্তি কৰি॥