সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২৯
গোপাল আতাৰ চৰিত্ৰ ৷

গোপাল দেৱক নেদেখি গৃহত,
 আথেবেথে আসিলন্ত।
সন্যাসী যে গুৰু বড় গুৰু সঙ্গে,
 তেতিক্ষণে লড়িলন্ত॥
লড়ি চাৰি জন কৰিলা গমন,
 উত্তৰ দেশক লাই।
নব নগৰৰ এক গৃহস্থৰ,
 গৃহক পাইলন্ত যাই॥
সেহি গৃহস্থৰ বাড়ীৰ মধ্যত,
 আছে গৃহ একখান।
গৃহন্থে উঠিয়া সেহি গৃহে নিয়া,
 বহিবাক দিলা স্থান॥
চাউল চৰু মৎস্য আঞ্জা খাৰ পাত,
 সমস্তকে দিলা নিয়া।
ভজনক প্ৰতি কৰি সবে যুঞ্জি,
 লৈলন্ত কৰ্ম্ম বান্টিয়া॥
বড়গুৰু মৎস্য কৰিলা বাচন,
 যদুমণি চায়া পাত।
সন্যাসী যে গুৰু জল আনি দিয়া,
 শ্ৰীৰামে ৰান্ধন্ত ভাত॥
বড় আতাপাত গৈলন্ত চাইবাক,
 জল কৰি বৰি টান।
প্ৰত্যেকে পটুৱা লৈলে কাটিয়া,
 ৰহিলন্ত একখান॥
দেখিয়া শ্ৰীৰামে উঠি তেতিক্ষণে,
 চাহিবাক ধৰিলন্ত।
বসি চাৰিজন কৰিয়া ভোজন,
 শয়ন কৰিলন্ত॥