পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২১
গোপাল আতাৰ চৰিত্ৰ ৷

গোপালে বোলন্ত শুনিয়োক গুৰু,
 কথাৰ কহো কাৰণ।
প্ৰশ্নৰ দ্বাৰাসে কথা সব আসি,
 হোৱে জান উদিৰণ॥
তুমিসে তেখনি ইসব কথাক,
 নপাৰিলা সুধিবাক।
সেহিসে কাৰণে তোমাসাত মই,
 নকৈলা ইতো কথাক॥
কল্পতৰু বৃক্ষ সবাতে সমান,
 যদ্যপি ফল আছয়।
মাগন্তা জনেসে পাৱয় ফলক,
 আনে তাক নপাৱয়॥
ক্ষীৰ সাগৰত আছয় অমৃত,
 মথিলেসে পাৱে তাক।
যদি দুগ্ধ যোগ্য কাম ধেনু হয়,
 তাকো লাগে দুহিৱাক॥
মাগন্তা মথন্তা দোহন কৰন্তা,
 আমা সাত জন ভৈলা।
সেহিসে কাৰণে জানা ইদানীক,
 ইতো কথা বাজ হৈল॥
আনো প্ৰশ্ন যত কৰন্ত সতত,
 গোপালে প্ৰপঞ্চি কন্ত।
নানান দোষণ কতোহে কৰন্ত,
 কৰিবেক কোনে অন্ত॥
ছোটদলৈ নামে এক বড় আৰ,
 তনয় মহা ধম্মিষ্ঠ।
নামে জয় কৃষ্ণ মহাগুণৱন্ত,
 ধৈৰ্য্যেৱন্ত সন্ত শিষ্ট॥