সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৯
গোপাল আতাৰ চৰিত্ৰ ৷

এহি ভক্ত সবে কৰয় সতত,
 নাম ঘৰে প্ৰসঙ্গক।
শ্ৰীৰাম যদু— মণিয়ে কৰন্ত,
 অনেক ভাবে প্ৰশ্নক॥
ভকত সকল হুয়া নিঃশবদ,
 শুনি থাকে কৰ্ণ পাতি।
কৰি নিৰীক্ষণ থিৰ কৰি মন,
 অনুৰাগ জন্মি আতি॥
গোপাল দেৱত কৰা প্ৰশ্ন যত,
 সিদ্ধান্ত পান্ত তেক্ষণে।
নানানো দোষণ কতোহা কৰন্ত
 গোপালে কৰা খণ্ডন॥
গোপাল দেবত কৰিছা সেৱন,
 নামত পুৰূষোত্তম।
বুঢ়া গুৰু তাঙ্ক  বলে সৰ্ব্বলোকে,
 বিৰজ্ঞ সন্তাপ ৰম॥
তান লগে এক কথা লাগিলেক,
 যদুমণি শ্ৰীৰামৰ।
বৈৰী ৰাজাৰ যোগীৰ গোপীৰ,
 বেদ চাৰি দুন্তৰ।
কিবা সমগতি আৰা সকলৰ,
 আছয় কিবা বিষম।
সমানে সে গতি নাহিকে বিষম,
 কহিলা পুৰুষোত্তম॥
শুনিয়া শ্ৰীৰাম যদুমণি বোলে,
 বুলিবা কিয় হেনই।
পতি পুত্ৰ এড়ি গোপিকা সকলে,
 কৰিয়া এক নিশ্চয়॥