পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮৫
গুৰুলীলা।

ভক্ষি ভাগৱত  সেহি পতন্তৰ,
  থৈলোঁ শঙ্কৰ বচন।
এহিমতে নিতে  প্ৰভু দামোদৰ,
  কৰে ভাগৱত ধ্যান॥

ছবি

শুনিয়োক সভাসদ  ইটো দামোদৰ পদ,
  পৰম ৰহস্য হেন জানি।
অমৃত সমান ইতো  শুনন্তে আনন্দ দেই,
  জানা ইতো পাপৰ অগনি॥
শুনন্তে নাহিকে শ্ৰম  অমৃত বৰিষে যেন,
  সঘনে পিয়োক দিনে ৰাতি।
পাপ সংহৰিয়া পাছে  পাৱয় মুকুতি সুখ,
  কৃষ্ণ পাৱে মিলয় ভকতি॥
হেন জানি সৰ্ব্বজনে  শুনিয়োক অনুক্ষণে,
  দামোদৰ চৰিত্ৰ পয়াৰ।
শুদ্ধ ভাৱে শুনে যিটো  তাহাৰ তেখনে হয়,
  কোটি কোটি পুৰুষ উদ্ধাৰ॥
হেন জানি নৰলোক  আন চিন্তা এৰিয়োক,
  এৰা সবে ভাষভুষ কাম।
আপুনি নিস্তাৰ হোৱা  পুৰুষ উদ্ধাৰ কৰা,
  নিৰন্তৰে বোলা ৰাম ৰাম॥

পদ

আত অনন্তৰো শুনা ভৈলা যেন কথা।
সংক্ষেপিয়া পূৰ্ব্বাপৰ কহিবো ব্যৱস্থা॥
এহিমতে দামোদৰ বসিয়া আছন্ত।
শঙ্কৰ সহিতে কৃষ্ণ কথা আলোচন্ত॥