পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮৩
গুৰুলীলা।

দামোদৰ বোলে,  কালৰূপে হৰি,
  সংহৰিলে সমুদাই।
হৰি যি কৰিবে,   তাক নিবাৰিবে,
  আনৰ সমৰ্থ নাই॥
হেন বাক্য শুনি,   শঙ্কৰে বুলিলা,
  মনত হৰিষ কৰি।
জানা যেবে হৰি,  কৰিলন্ত তেবে,
  থাকা মন ৰঙ্গ কৰি॥
আপুনি সৰ্ব্বজ্ঞ   কি কবো তোমাক,
  মন স্থিৰ কৰিয়োক।
সুধৰ্ম্মক চাই   লোকক কৃপায়,
  ভক্তি ধৰ্ম্ম ৰাখিয়োক॥
হেন বাক্য শুনি   বোলন্ত আপুনি,
  উচিত তোমাৰ বাক্য।
আমাৰ মনত   আছয় সৰ্বথা,
  কৃষ্ণ কথা কহিবাক॥
এহি হৌক বুলি   শঙ্কৰ গোমস্তা,
  তথা হৈতে গৃহে গৈলা।
তৈৰ পৰা পাছে  আসি দামোদৰে,
  মুকুন্দ শুনা বুলিলা॥
শুনিয়ো মুকুন্দ   আমাৰ বচন,
  হৰি কথা কহোঁ আমি।
ভাতিজা সহিতে   পৰম আনন্দে,
  ৰৈলা দামোদৰ স্বামী॥
এহি হৌক বুলি  মুকুন্দ ভাতিজে,
  তথাত ৰৈলা হৰিষে।
পাছে দামোদৰে   কৃষ্ণ কথামৃত
  কহিলন্ত অহৰ্নিশে॥