পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭৭
মহাভাৰত দ্ৰোণ পৰ্ব্ব।

সেহি বৰ দিবোহোঁ যাহাৰ যেন কাম।
পৃথিবীৰ তনয় নৰকাসুৰ নাম॥
তাক লাগি বৰক মাগিলা আতিশয়।
দেব দানবক জিনে আমাৰ তনয়॥

হেন শুনি অস্ত্ৰক স্ৰজিলো মই তাক।
দেৱাসুৰে নপাৱয় তাৰ মহিমাক॥
পৰম পাৱক অস্ত্ৰ শস্ত্ৰ মধ্যে সাৰ।
বৰ পাইয়া বসুমতী আনন্দ অপাৰ॥

বৰ পাইয়া সন্তোষে জগতী ছলি গৈলা।
বৈৰমান মৰ্দ্দন নৰকাসুৰ ভৈলা॥
এহি অস্ত্ৰে জিনিলেক তিনিও জগত।
ত্ৰিভুবনে তাক সম নভৈলা ৰণত॥

পূৰ্ব্বতা দেৱৰ অস্ত্ৰে হিতাগত চিন্তি।
মাৰিলোঁ নৰকাসুৰ সমৰে বিগুটি॥
এবে ভগদত্তক মাৰিও ঘোৰ শৰে।
এতেক বচন বুলিলেক দামোদৰে॥

নৰকাসুৰৰ অস্ত্ৰ পাইলা ভগদত্তে।
অমোঘ শকতি তাক জানা ভালমতে॥
এহি অস্ত্ৰে জিনিলেক তিনিও জগত।
গোবিন্দে বোলন্ত কথা কহিলোঁ সমস্ত॥

কৃষ্ণে হেন কহিলেক পূৰ্ব্ব কথা যত।
হেন শুনি অৰ্জ্জুনও ৰঙ্গ ভৈলা চিত্ত॥
হানিল সহস্ৰ বাণ ফুটি সৰ্ব্ব গাৱে।
সামৰিবা ভগদত্ত বুলি দীৰ্ঘৰাৱে॥

অপৰ নাৰাচ পাত হানি মহাবীৰে।
ভেদিলা গজৰ দুই কুন্তৰ ভিতৰে॥
নিশিত দুৰ্ব্বল হস্তী ভৈলা বৰ টানে।
যেন মহগিৰিত পৰিলা বজ্ৰবাণে॥

৯৮