তোমাৰ সমান ধনুৰ্ব্বেদী আন নাই।
অস্ত্ৰে শস্ত্ৰে শাস্ত্ৰে সৰ্ব্ব কাৰ্য্যত জনাই॥
একশৰে মাথাৰ কিৰীটি পালটাইলা।
বীৰত্ব দৰশি মান বহুতৰ পাইলা॥
পৰিহাস কৰিয়া মাতন্ত ধনঞ্জয়।
শুনি ভগদত্ত ৰজা, আনন্দ কৰয়॥
অৰ্জ্জুনক সাৰথিক কৰি শৰ বৃষ্টি।
ঢাকিলেক দিশ পাশ অন্ধকাৰ দৃষ্টি॥
শৰ সহি অৰ্জ্জুনে আপুনি নিলা বাণ।
ভগদত্ত ৰাজাৰ কাটিলা ধনু খান॥
কাটিলন্ত টোণ বাণ অৰ্জ্জুনৰ শৰে।
শৰে মৰ্ম্ম স্থানক ভেদিলা নিৰন্তৰে॥
মৰ্ম্ম স্থান ভেদিয়া ব্যথিত ভৈলা তান।
ভগদত্তে লৈলা বাচি অস্ত্ৰ নাৰায়ণ॥
মন্ত্ৰ অভিষেক কৰি অগ্নি সম জ্যোতি।
ক্ষেপিলন্ত শৰ পাছে অৰ্জ্জুনক প্ৰতি॥
সমস্তকে ব্যাপি আছে শৰ সমুদায়।
মহা বহ্নি কুণ্ড যেন জ্বলন্তে আছয়॥
মাধৱে জানিলা অৰ্জ্জুনক আসে ধাই।
অৰ্জ্জুনক পাছ কৰি আগ ভৈলা যাই॥
অৰ্জ্জুনক ঢাকি গোপৰূপ ধৰি হৰি।
আপোনাৰ হৃদয় পাতিলা ভালকৰি॥
শৰ পৰি কৃষ্ণৰ দুগুণ ভৈল কালা।
হৃদয়ৰ মাঝে যেন বৈজয়ন্তি মালা॥
অৰ্জ্জুনে বুলিলা তাক কোপ কৰিমন।
হে কৃষ্ণ! অন্যায় কৰিলা কি কাৰণ॥
ৰথৰ সাৰথি ৰথ বাঢ়িবাক কাজি।
কেমন কাৰণে আগ হুয়া যুজা আজি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৫৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭৫
মহাভাৰত দ্ৰোণ পৰ্ব্ব।