পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬৬
অসমীয়া সাহিত্যৰ চানেকি।

শুনিয়া সাত্যকী শুনিয়োক ভীমসেন।
ভগদত্ত বীৰে দেখা কৰিলেক কেন॥
সবাৰে ৰথক বিনাশিলা বীৰবৰে।
একো বীৰ নুহে থিৰ তাহাৰ প্ৰহাৰে॥

দুৰ্ব্বাৰ হস্তীক তাৰ দেখন্তে তৰাস।
তাক দেখি সেনাগণ পলাই দশোদিশ॥
হেন আলোচিয়া যেবে ৰাজা যুধিষ্ঠিৰ।
সমৰত দেখে সেনা মাৰে মহাবীৰ॥

মহাগজে ৰথ সৈন্য মাৰে চতুষ্পাশে।
ধূলিয়ে ঢাকিল সবে ৰবিৰ প্ৰকাশে॥
ভগদত্ত বীৰে মাৰে সবে সেনাগণ।
সমৰ ভূমিত সম নোহো একোজন॥

হেনয় বিক্ৰম পাই সৈন্য সমুদায়।
সমৰ এড়িয়া সবে বিভঙ্গে পলাই॥
নাহি বাদ্য ভণ্ড নাহি ধুনুৰ টঙ্কাৰ।
দশোদিশে শুনি মাত্ৰ ধৰ মাৰ মাৰ॥

নাহি চিহ্ন দণ্ড ছত্ৰ নাহি মাত বোল। .
কৌৰৱৰ শুনি মাত্ৰ বিপৰীত ৰোল॥
ধনুৰ টঙ্কাৰে মাৰ মাৰ কৰে ৰোল।
নানা বাদ্য বজাৱে নিশান ঢাক ঢোল॥

সসৈন্যে কৌৰৱ উৰ্ম্মি কৰে সমুদায়।
ভগদত্ত সমে পাণ্ডৱক খেদি যায়॥
সঞ্জয়ক সম্বোধি মাতয় নৃপবৰ।
শুনিয়োক গুৰু তুমি আমাৰ উত্তৰ॥

যেবে পাণ্ডৱক ভাঙ্গই ভগদত্ত ৰণে।
সিবেলাত কৃষ্ণে সমে কি কৈলা অৰ্জ্জুনে
সঞ্জয় বদতি শুনিয়োক কুৰুপতি।
অৰ্জ্জুনে কৰিলে যেন শুনিয়ো সম্প্ৰতি॥