সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫৫
মহাভাৰত—শল্যপৰ্ব্ব।

মই পুনু মূঢ়  অৰ্থ ইতো গূঢ়,
  যেন অমৃতৰ ভাণ্ড।
কাক পখী লাগি  যেন কোন জনে,
  নমাৰে সুবৰ্ণ কাণ্ড॥
ময়ো সে হিনয়  জানিবা নিশ্চয়,
  নকৰিবা অসন্তোষ।
মূৰ্খক নিন্দিলে  কিছু ফল নাই,
  অমৃত সমান দোষ॥
ব্ৰাহ্মণৰ ঠাই  জন্ম আছো পাই,
  সংস্কাৰে ভৈলো দ্বিজ।
কৃষ্ণৰ চৰণে  ভকতি নুপজে,
  এৰিলোঁ স্বধৰ্ম্ম নিজ॥
নমো নিৰঞ্জন  ভকত ৰঞ্জন,
  তুমি সে জগন্নিবাস।
তযু বৈষ্ণবৰ  সঙ্গত আমাৰ
  ৰহোক দৃঢ় বিশ্বাস॥
জানি সভাসদ  শুনা নিশবদ,
  কথা ইটো বিদ গদ।
তাহান ৰাজ্যত  থাকি বিৰচিলোঁ,
  শল্য নৃপতিৰ বধ॥
বিপ্ৰ দামোদৰ  কহে নিৰন্তৰ,
  চিত্ত সাবধান কৰি।
আপুনিও তৰা  পুৰুষ উদ্ধৰা,
  ডাকি বোলা হৰি হৰি॥