পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪১
শঙ্কৰ দেৱৰ জীৱন চৰিত ৷

ছত্ৰাকাৰ মাথা আতি কপাল সুসম।
প্ৰকাশয় মুখ আতি পূৰ্ণচন্দ্ৰ সম॥
আজানু লম্বিত আতি বাহু মহাপুষ্ট।
বহল হৃদয় দৰশনে মিলে তুষ্ট॥

যেন সূৰ্য্যবৰ প্ৰকাশয় আসনত।
দৰশনে সমস্তে পাতক হয়ে হত॥
দেখি ৰামদাসে মহা বিস্ময় ভৈলন্ত।
চৰণত পৰি নমস্কাৰ কৰিলন্ত॥

উঠিয়া হৰিষে পাচে আসনে বসিলা।
কিকাৰ্য্যে আসিছা বুলি শঙ্কৰে পুছিলা॥
আমাত বা তোমাৰ আছয় কোন কাম।
কোন গ্ৰামে থাকাহ তোমাৰ কিবা নাম॥

শুনি ৰামদাস অতি নম্ৰ কায় ভৈলা।
নমস্কাৰ কৰি কথা কহিবে লাগিলা॥
হোকোৰা কুচীয়া বোলে নাম ৰামদাস।
উত্তম কায়স্থ কুল লোকত প্ৰকাশ॥

আছন্ত মাধৱ তেন্তে হোন্ত মোৰ শ্যাল।
দেবী পূজিবাক লাগি লাগয় ছাগল।
আসয় অষ্টমী দশভুজা পূজিবন্ত।
টকা দিয়া ছাগল কিনিতে পাঞ্চিলন্ত॥

আপুনি গৈলন্ত গুৱা পাণ আনিবাক।
মই আসি আছোহো ছাগল কিনিবাক॥
কতবা জন্মৰ ভাগ্য আছয় আমাৰ।
সি হেতু চৰণ আসি দেখিলোঁ তোমাৰ॥

এহি বুলি ৰামদাস মৌন থাকিলন্ত।
হেন শুনি শঙ্কৰে হাঁসিয়া মাতিলন্ত॥
শুনা ৰামদাস কহোঁ তোমাৰ আগত।
নতু শুনা তুমি ইতো শাস্ত্ৰ ভাগৱত॥