পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৯
ভক্তি প্ৰেমাৱলী ৷

যিকালত স্ৰজিলন্ত আদি নিৰঞ্জন।
সিকালত পুত্ৰ কৈত পাইলা কোনজন॥
মায়ায়েসে মায়াৰ পাশত কৰি বন্দী।
যেন নাকে বিন্ধি বলধিক আছে ছান্দি॥
পুত্ৰ ভাৰ্য্যা ধন জন স্নেহ দৰশাই।
তাত পাছে ওপজয় এৰণ নাযাই॥
জানি পুত্ৰ ভাৰ্য্যা তাত জীৱো আশকতি।
কৃষ্ণৰ চৰণে কৰা একান্ত ভকতি॥
মাধৱৰ অংশ জীৱ জানি আপোনাক।
জগতৰে আত্মা কৃষ্ণ ভজিয়ে তাহাক॥
কাল অজগৰে গিলে তিলেক মৰণ।
কৃষ্ণৰ চৰণে লোৱা একান্ত শৰণ॥
কৃষ্ণ বিনে ইষ্ট বন্ধু জানা আন নাই।
বোলা হৰি হৰি ঘোৰ সংসাৰ এৰাই॥

____