ভকতক দেখি মাত্ৰ মায়া থাকে ডৰি।
বোলে মোৰ লগত লগায়ে প্ৰেম জৰি॥
যিটো কৰে মাধৱৰ সপ্ৰেম কীৰ্ত্তন।
আপুনি এৰন্ত মায়া মায়াৰ বন্ধন॥
লোভ মোহ কামতেসে মজি থাকে মন।
যদ্যপি কৰন্ত সিটো হৰিৰ কীৰ্ত্তন॥
তথাপিতো তাৰ মন নুহিবে সুশান্ত।
সেন্থৰে নেৰায়ে মায়া প্ৰকৃতিৰ হাত॥
প্ৰকৃতিৰ মায়াত মোহিত সৰ্ব্ব লোক।
এহিসে কাৰণে নুগুচয় দুঃখ শোক॥
মায়াৰ কাৰণ কৈলোঁ শুনিলা সম্প্ৰতি।
যিবা কাৰ্য্যে যিকাৰণে ভৈলা উতপতি॥
কৃষ্ণৰ আজ্ঞাক মায়া কৰি শিৰোগত।
স্ৰজিবে লাগিলা চৰাচৰ সৃষ্টি যত॥
প্ৰথমতে সাতখান স্বৰ্গক স্ৰজিলা।
সাত খান পৃথিবীৰ ভাগ নিৰূপিলা॥
আৰু কৰিলেক সাতো সাগৰ বিশেষ।
স্থাবৰ জঙ্গম চৰাচৰক নিঃশেষ॥
সাতখান পাতাল স্ৰজিলা ৰঙ্গ কৰি।
দেখিয়া মায়াৰ কাৰ্য্য তুষ্ট ভৈলা হৰি॥
চন্দ্ৰ সূৰ্য্য বায়ু বহ্নি কুবেৰ বৰুণ।
অপেস্বৰা গন্ধৰ্ব্ব নক্ষত্ৰ গ্ৰহগণ॥
পাতালৰ দেৱগণ স্ৰজিলা সকলে
থাকিল অনন্ত সাত পাতালৰ তলে॥
লক্ষ প্ৰহৰৰ পন্থ মধ্যত প্ৰকাশ।
যি দেৱে যি থানত কৰন্ত আকাশ॥
ব্ৰহ্মাণ্ডক আবৰিয়া জলে যেবে ৰৈলা।
তাহাঙ্ক আবৰি অনিলয় বায়ু ভৈলা॥
বায়ুকো আবৰি ৰৈলা মহাজ্যোতিৰ্ম্ময়।
জ্যোতিক আবৰি ৰৈলা আকাশ নিচয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩১২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩১
ভক্তি প্ৰেমাৱলী।