পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৯
ভক্তি প্ৰেমাৱলী।

মোৰ চৰিত্ৰক কৰে শ্ৰৱণ কীৰ্ত্তন।
সিটো মোৰ সুহৃদ আত্ম প্ৰাণধন॥
কীৰ্ত্তন কৰন্তে প্ৰেমে ফুৰয় বাগৰি।
সিটো ধনে মোহোক যে কিনিলা সাদৰি॥
সিটো ভকতক মায়া নাপাতিবা সতী।
তোমাৰ পূজিত সিটো জানিবা সম্প্ৰতি॥
এতেক বচন হেন বুলি নাৰায়ণ।
শৰীৰৰ পৰা প্ৰকাশিলা বাহ্ৰজন॥
ব্ৰহ্মা মহেশ্বৰক কৰিয়া এক ঠাই।
বাহ্ৰজন বৈষ্ণৱ থাপিলা সমুদাই॥
আৰু চৈধ জন ভৈলা মুখ্য পাৰিষদ।
কৃষ্ণৰ স্বৰূপে সবে বেদান্ত সাৰদ॥
বৈষ্ণৱৰ মাঝে শ্ৰেষ্ঠ মহেশ ভকত।
কৰিলন্ত যোগ জ্ঞান তাহানে বেকত॥
কৰ্ম্মযোগ জ্ঞানযোগ ভক্তিযোগ চয়।
মহেশৰ আগত কহিলা কৃপাময়॥
বুজিয়া ভক্তিৰ তত্ব দেব মহেশ্বৰ।
হৰিক হৃদয়ে কৰি ভৈলা দিগম্বৰ॥
এতেকতে কৃষ্ণৰ ভকত যিটো হয়।
মন তাৰ দিগম্বৰ হৈবেক নিশ্চয়॥
তাত পাছে নিৰ্ম্মাইলন্ত ভকত ছয়জন।
কেবল কৃষ্ণক মাত্ৰ কৰে নিৰূপণ॥
অৰ্জ্জুনৰ উৰ্দ্ধমুখ কৰে ছয়জন।
হৰিৰ চৰিত্ৰ মাত্ৰ কৰন্ত কীৰ্ত্তন॥
কৃষ্ণৰ চৰিত্ৰ গাই থাকন্ত সন্তোষে।
তাসম্বাক নোচোৱয় প্ৰলয়ৰ দোষে॥
মহা প্ৰকৃতিয়ো যাৰ নোহে অধিকাৰী।
কৃষ্ণৰ চৰিত্ৰ জগতৰে উপকাৰী॥
ব্ৰহ্মা মহেশ্বৰ আছে ভকতি আচৰি।
মনুষ্যৰ ভকতিত তুষ্ট হোন্ত হৰি॥

৯২