শূন্যৰ ওপৰে মহা জ্যোতিৰ প্ৰকাশ।
তাহাৰ ওপৰে আদি ব্ৰহ্মাৰ নিবাস॥
তহিতে প্ৰকাশে নাম ভক্তি এক ঠাই।
যেন মতে প্ৰকাশিলা আপুনি লীলাই॥
সেহি মতে জগত জনক নাৰায়ণ।
যেন মতে প্ৰকৃতিত কৰিলা স্ৰজন॥
যেন মতে প্ৰকৃতিত মহাজ্ঞান কৈলা।
জানি তত্ত্ব মহাসতী আবৰিয়া লৈলা॥
পাছে সতী ভকতি কৰিলা যেন মত।
কেবল ঈশ্বৰী মাত্ৰ আৰু সি ভকত॥
দেখালো প্ৰথমে নিজ ভকত ভকতি।
ইহাৰ তত্বক বুঝি লভিয়ো সম্প্ৰতি॥
সপ্ৰেম ভকতি সতী লভি ঈশ্বৰত।
একৰূপে সৃষ্টি কৰা কৃষ্ণ ইঙ্গিত॥
কৃষ্ণ হেন অৱতাৰ ধৰন্ত লীলাই।
মূৰ্ত্তি ধৰি প্ৰকৃতিয়ো সেৱন্ত সদাই॥
এতেকে জানিবা ভকতিৰ মাঝে সাৰ।
সপ্ৰেম ভকতি সুখে তৰয় সংসাৰ॥
আনো নানা ভক্তি পথে মুকুতিক পাই।
সপ্ৰেম ভকতি মাত্ৰ ভকতি উপাই॥
আশীবিধ ভক্তি মাঝে নৱ বিধ সাৰ।
নৱবিধ মাঝে চাৰি বিধ সাৰাৎসাৰ॥
চাৰিবিধ মাঝে বিশ্বাসত প্ৰেম ৰতি।
এই দুই বিধে মাত্ৰ নোখোজে মুকুতি॥
শ্ৰৱণ কীৰ্ত্তন যিটো কৰে নিতে নিত।
সেহি ৰসে বিশ্বাস কৰিবে মনোনীত॥
যেবে ভৈলা বিশ্বাস নাহিকে আন চিত।
তেবেসে সপ্ৰেম আসি হোৱয় বিদিত॥
বিশ্বাস বিহীনে প্ৰেম নুহিকে বিদিত।
নতুলতে সিটো জৰে ভকতিৰ তত্ত্ব॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩০৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৬
ভক্তি প্ৰেমাৱলী।