পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২০
অসমীয়া সাহিত্যৰ চানেকি।

তুমি হেন মহাজন থাকি বিদ্যমান।
সবোয়ো নজানে ভাগৱত কোন খান॥
দেৱ আছন্তে যদি লোকে নজানিলে।
একেশ্বৰে দেৱে মানি কি কাৰ্য্য সাধিলে॥
চাৰি মাস ফুৰি থাকে বিচাৰি বিচাৰি।
ভাগৱত জানয় কেহো নৰ নাৰী॥
পুস্তক মাত্ৰক সবে বোলে ভাগৱত।
আছোক আনৰ কথা তোমাৰ সত্ৰত॥
জগন্নাথে কেনে ভাগৱতী বোলাৱয়।
শ্লোক গুটি পঠতে তৃতয় ব্যক্ত হয়॥
কালি দেখো ভাগৱত পঢ়ন্তে কন্দলি।
শ্লোকক বুলিয়া পদ পঢ়ে কণ্ঠ মেলি॥
শ্ৰীভাগৱত শাস্ত্ৰ অমৃত সাগৰ।
দুৰ্ভগীয়া লোকে আৰ নপাৱে ওচৰ॥
কৃপালু শঙ্কৰে আৰ পদ অৰ্থ ছলে।
লোকক দেখাইলে কেশৱক কৃপাবলে॥
পদৰস পাই পাছে ভাগৱত পিব।
ঘোৰ সংসাৰত মহাসুখে নিস্তৰিব॥
হেন ভাগৱত লোকে যেমনে জানয়।
তেমন প্ৰকাৰে কৰিবাক যোগ্য হয়॥
হেন শুনি দেৱে হাসি দুহানো বচন।
ধৰিলা মনত প্ৰসঙ্গিয়া ঘনে ঘন।
এক দিনা দেৱে ভক্ত সমে আলচিলা।
কন্দলি পুত্ৰক নাম দিবে ইচ্ছা হৈলা॥
গৌৰাঙ্গ বৰণ কায় দেখিতে সুঠান।
কণ্ঠ কোকিলৰ স্বৰ অমৃত সমান॥
পূৰ্ব্বে হৰিচৰণ পিতৃয়ে নাম দিলা।
দেৱ গোপালৰ পাৱে যিদিনা অৰ্পিলা॥
সেহি দিন হন্তে আতি কান্তিয়ো জ্বলিলা।
সমস্ত লোৰ অনুগ্ৰহ পাত্ৰ হৈলা॥