পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১৩
বংশীগোপাল চৰিত্ৰ।

আজ্ঞা পায়া সেবা কৰে দেৱ গোপালক
নিস্তাৰ কৰিলে সিতো সকলে বংশক॥
এহি মতে সমস্তৰে আনন্দ কৰাই।
আছন্ত হৰিৰ ভক্তি সঙ্গ প্ৰবৰ্ত্তাই॥
এক কথা শুনা দেৱে কৰিলা যেমন।
বোলে জগন্নাথ শুনা গঙ্গানাৰায়ণ॥
দুয়ো গৈয়া দেব দামোদৰৰ সত্ৰত।
কহিবাহা মোৰ দণ্ডৱত শত শত॥
শতবাৰ সত্য কাঢ়ি বুলিলো বচন।
তেহো মোৰ গতি মতি জীৱন মৰণ॥
ইহ পৰলোকৰ যে কায় বাক্য মনে।
হৌক প্ৰীতি দেৱ দামোদৰৰ চৰণে॥
শঙ্কৰ নাভিত মোৰ প্ৰীতি জানাইবাহা।
মেধী সকলৰ বৃত্ত সঞ্জাত লৈবাহা॥
এহি বুলি বহুদ্ৰব্য দিয়া পঠাইলেক।
তাৰা সবো দামোদৰ সত্ৰক পাইলেক॥
লেখা পত্ৰ আগে থৈয়া নমি দগুৱত।
স্তুতি ভক্তি দেৱৰো কহিলা যত যত॥
বলোদেব আদি কৰি মহন্ত সবাৰ।
স্তুতি নতি আশীৰ্ব্বাদ দিলা বাৰম্বাৰ॥
পাছে গৈয়া ঠাকুৰত প্ৰীতিক জনাইলা।
মেধী সকলৰ বৃত্ত সকলে শুনাইলা॥
শুনিয়া ঠাকুৰে বোলে দুঃখ কৰি মনে।
গীতা ভাগৱত মুৰ্ত্তি তুলসী ব্ৰাহ্মণে॥
শ্ৰাদ্ধ হৰি বা শৰণ মাগে যিতো জনে।
কোন নো পাষণ্ডে বিহি আছয় এমনে॥
সেহিতো কলিৰ মুৰ্ত্তি পাষণ্ড দুৰ্জ্জন।
মহাপুৰুষৰ দ্ৰোহী বাহিৰ সিজন॥
এহি বুলি নব ঘোষা কৰিয়া যতনে।
দিলা দেৱ গোপালত প্ৰীতিৰ কাৰণে॥