সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০৪
অসমীয়া সাহিত্যৰ চানেকি।

কংসৰ কালত যেন ভৈল যদুগণ।
বৈষ্ণৱ সবৰো জানা ভৈলেক তেমন॥
একদিনা গদাধৰ গৃহত নিশাত।
স্বপ্নত ব্ৰাহ্মণে আসি বুলিলা সাক্ষাত॥
প্ৰভাতে তোমাক জানো ধৰয় গোপাল।
ইহাৰ গৃহৰ পৰা বজাউ সকাল॥
জাগিয়া কহিলা গদাধৰৰ আগত।
তেখনে ছাড়িয়া গৃহ চড়িলা নাৱত॥
শ্ৰীপতিয়ে বৈঠা বাৱে আনো কেহ নাই।
জানি বণিয়াৰ গৃহে উঠিলন্ত যাই॥
দুঃখ কৰি গদাধৰে কান্দিয়া থাকিল।
প্ৰাতসতে পাছে তাৰ গৃহক লুড়িলা॥
বণিয়াৰ পুত্ৰ ৰাজখোৱা তাঙ্ক পাই।
কৰিলা গুপুতে সেৱা দেৱক সদাই॥
ভণ্ডাৰীৰ পুত্ৰকত গুটি পাত্ৰগণে।
নিশা আসি সেবা কৰি যায় মনে মনে॥
এহি মতে বৰিষেক আছা নগৰত।
ভণ্ডাৰী সহিতে মন্ত্ৰ কৰিলা সাম্প্ৰত॥
নামি আসি লমডাঙ্গ গ্ৰামত পশিলা।
তাতো কতো দিনমানে গুপুতে আছিলা।
ইকথা থাকোক আবে শুনা পূৰ্ব্ব কথা।
থকা বৈষ্ণৱৰ মানে ভৈল যথা তথা॥
যিতো দিনা চেঙ্গধৰা নিলে ভকতক।
পলুৱাই নিলে যেবে দেৱ গোপালক॥
মদনগোপাল মূৰ্ত্তি গোবিন্দ ঠাকুৰ।
পলুৱাই দেৱৰীয়ে নিলে কতোদূৰ॥
মালহু নিয়াৰ ঘৰে থৈলেক লুকাই।
গুটি চাৰি ভকতেসে সেৱয় সদাই॥
দেৱ গোপালৰ বাক্য মান কৰি মনে।
চেঙ্গধৰা কিছো ভক্ত এড়িলা যতনে॥